জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজ্যবাসীৰ ডিজিটেল আন্দোলন এতিয়াও অব্যাহত আছে। ১৮ নৱেম্বৰ তথা জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য আগবঢ়ালে সংবাদ মাধ্যমৰ সন্মুখত। মুখ্যমন্ত্ৰীগৰাকীয়ে SIT ৰ তদন্তত পোহৰলৈ অহা বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। মঙ্গলবাৰে গুৱাহাটীৰ খানাপাৰাত জুবিনৰ জন্মদিন উপলক্ষ্যে এক ৰক্তদান শিবিৰত ৰক্তদান কৰাৰ পিছতে ‘জুবিন হত্যা’ৰ চাৰ্জশ্বিটৰ প্ৰৰম্ভিক আভাস দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
জুবিন গাৰ্গে মদ খাই বেয়া পাইছিল। মদ খুৱাই একাংশই জুবিনক ব্যৱহাৰ কৰিছিল, ধন-সম্পত্তি লুণ্ঠন কৰিছিল। জুবিনৰ ওচৰৰ মানুহখিনিয়ে ষড়যন্ত্ৰ কৰি মদ খোৱাইছিল। জুবিনক ভাল কামেৰে অনন্ত কাললৈ জীয়াই ৰখাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।
SIT ৰ তদন্তত প্ৰকাশ পাইছে যে জুবিনে মদ খাই ভাল পোৱা নাছিল, কেৱল ব্যৱহাৰ আৰু ধন-সম্পত্তি লুণ্ঠনৰ বাবে সহজ-সৰল জুবিনক আশে-পাশে থকা মানুহখিনিয়ে মদ খুৱাইছিল। মুখ্যমন্ত্ৰীয়ে কয় যে-“আমাৰ তদন্তৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিল। জুবিনক মদ খুওৱা হৈছিল। আপোনালোকে চাৰ্জশ্বিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিল, যেতিয়াই জুবিনক মানুহৰ ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিলে তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল। জুবিনক ওচৰৰ মানুহখিনিয়ে সদায় মদ খোৱাই দিছিল যাতে সহজ-সৰল ল’ৰাজনক ব্যৱহাৰ কৰিব পাৰে। দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেইদিন প্ৰচাৰ চলালে যে মদে দিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি। একেবাৰে মিছা কথা। তদন্তত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰ কৰি মদ খুওৱা হৈছিলে। যাতে জুবিনৰ ধন-সম্পত্তি এচামে লুণ্ঠন কৰিব পাৰে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে-“মদ জুবিনৰ পৰিচয় নাছিল, জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া-নিৰাশ্ৰয়জনৰ লগত থিয় দিয়া, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা।”
“গতিকে আমি মানুহক শিকাব খুজিছো, নৱপ্ৰজন্মক প্ৰেৰণ জগাব খুজিছো যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক, জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক, জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক, জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক, মদেৰে নহয়।” আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।