জুবিন গাৰ্গৰ ন্যায় আৰু ৰাজনীতি

Share

জুবিন গাৰ্গে সঁচাই ন্যায় পাব নে ? কোনো সুৰুঙা ৰৈ যাব নেকি ন্যায়ৰ ক্ষেত্ৰত! সকলোৰে মনত মাথোঁ এটাই প্ৰশ্ন হিয়াৰ আমঠু জুবিনে ন্যায় পাব, নে ৰাজনীতিৰ পাকত সোমাই পৰিব এই বিষয়টো। কিয় এই বিষয়টো ৰাজনীতিৰ আওতালৈ লৈ যোৱা হৈছে ? “পলিটিক্স নকৰিবা বন্ধু” বুলি কৈ যোৱা ব্যক্তিজনৰ লগতে সৰ্বত্ৰে পলিটিক্স হৈ আছে। মৃত্যুৰ ৰহস্য কি আছিল আজিও ফাদিল কৰিব নোৱাৰিলে আইন তথা চৰকাৰে।ছিংগাপুৰত হোৱা ৰহস্যঘন মৃত্যুৰ এমাহ পাছতো কিয় একো উত্তৰ দিব পৰা নাই তদন্তৰ বাবে গঠন হোৱা CID আৰু SITয়ে।

মূল বিষয়ৰ পৰা ফালৰি কাটিব বিছাৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ? যি সময়ত সমগ্ৰ অসম তথা বিশ্ব জুবিনৰ ন্যায়ৰ দাবীত তোলপাৰ হৈ আছে সেই সময়ত কিয় মুখ্যমন্ত্ৰীয়ে অন্যান্য বিষয়ত লাগি মূল বিষয়ৰ ফালৰি কাটি আছে।

কোনোবা খিনিত জুবিন মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু- সিদ্ধাৰ্থক সুৰুঙা দিছে নেকি অসম চৰকাৰে! জুবিনৰ পৰিয়ালে কিমান কাতৰ অনুৰোধ কৰিব চৰকাৰক? আৰু কিমান অনুৰোধ কৰিলে জুবিনে ন্যায় পাব! 

শ্যামকানু – সিদ্ধাৰ্থ আৰু আন পাঁচজন মূল অভিযুক্তক সুকীয়াকৈ নিৰাপত্তা সহিতে বাক্সা জেলত ৰখাৰ বাবেই ১৫ অক্টোবৰত হিংসাত্মক- ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। 

মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ল, প্ৰকৃততে জুবিনৰ ন্যায় বিষয়টো বৰ্তমানেও এক ৰহস্য হৈ আছে। ছিংগাপুৰলৈ তদন্তৰ বাবে যোৱা SIT দলে জুবিনৰ ন্যায়ৰ বাবে কি তথ্য সংগ্ৰহ কৰিব পাৰে সেইয়া কেৱল সময়ৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *