তালিবানৰ কবলত আফগানিস্তান : উদ্বেগ প্ৰকাশ শান্তিৰ ন’বেল বিজয়ী মালালা ইউছুফজাইৰ

Share

বন্দনা হাজৰিকা

আফগানিস্তান,১৭ আগষ্ট :সম্প্ৰতি আফগানিস্তানৰ শাসনভাৰ তালিবানৰ হাতলৈ যোৱাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি ইয়াৰ চৰ্চা অব্যাহত থকাৰ সময়তে পাকিস্তানৰ জীয়ৰী তথা শান্তিৰ ন’বেল বঁটা বিজয়ী মালালা ইউছুফজায়ে আফগানিস্তানৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । মালালাই শৰনাৰ্থীসকলৰ সুৰক্ষাৰ দিশটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আন্তজাৰ্তিক সম্প্ৰদায়ক অনুৰোধ জনাইছে ।

শৰনাৰ্থীসকলক মানৱীয় সাহায্য প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰিছে । উল্লেখ্যযোগ্য যে সমগ্ৰ আফগানিস্তানৰ পৰিস্থিতি অতি উদ্বেগজনক হৈ পৰিছে । বিশেষকৈ মহিলাসকলে সংখ্যালঘু লোক, মানৱাধিকাৰৰ সৈতে জড়িত লোকসকলৰ অধিক ভয়াৱহ পৰিস্থিতিৰ সম্মুখীন হ’ব বুলি মালালাই উল্লেখ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *