মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে য়ুমনাম খেমচান্দ সিঙৰ শপতগ্ৰহণ

Share

মণিপুৰৰ পৰা বাতিল কৰা হয় ৰাষ্ট্ৰপতি শাসন । দেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যেই ৰাষ্ট্ৰপতি শাসন বাতিল কৰি এক অধিসূচনা জাৰি কৰিছে ।বুধবাৰে সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙে । মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰাৰ কেইঘণ্টামান পিছতে ইম্ফলৰ লোকভৱনত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান । ৰাজ্যপাল অজয় ​​কুমাৰ ভাল্লাই সকলোকে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷বিজেপিৰ কেইবাজনো বিধায়কৰ লগতে দলৰ শীৰ্ষ নেতাসকল আৰু ৰাজ্যখনৰ এন ডি এৰ শীর্ষ নেতাসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্রহণ কৰে ৷ ৷ভাৰতীয় গেজেটত প্ৰকাশিত ঘোষণা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মণিপুৰ সন্দৰ্ভত সংবিধানৰ ৩৫৬(২) অনুচ্ছেদৰ অধীনত জাৰি কৰা ঘোষণা বাতিল কৰা হৈছে । বুধবাৰে ৪ ফেব্ৰুৱাৰী, ২০২৬ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত নতুন ঘোষণাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰা হৈছে ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল । ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত জাৰি কৰা এই ঘোষণাপত্ৰখন বুধবাৰে ৪ ফেব্ৰুৱাৰী, ২০২৬ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত নতুন ঘোষণাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰা হৈছে ।বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় বিধায়কৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত  ।মুখ্যমন্ত্ৰীজনৰ থাকিব দুজনকৈ উপ-মুখ্যমন্ত্ৰী, এজন কুকি-জো সম্প্ৰদায়ৰ আৰু আনজন নগা সম্প্ৰদায়ৰ।কাংপকপিৰ বিধায়ক নেমচা কিপগেনক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে ফেচবুকৰ এক পোষ্টত কয়, ‘‘মই নিশ্চিত যে নতুন মন্ত্ৰী পৰিষদ গঠনৰ লগে লগে শান্তি আৰু উন্নয়ন নতুন চৰকাৰৰ পথ প্ৰদৰ্শক নীতি হ’ব । বিকশিত ভাৰত আৰু বিকশিত মণিপুৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এই ৰাজনৈতিক যাত্ৰা প্ৰত্যাহ্বানপূৰ্ণ ।কিন্তু এই অভিলাষী লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাৰ অগ্ৰাধিকাৰ দৃঢ়তাৰ সৈতে সংযোজিত হৈ থাকিব ।’’৬২ বছৰীয়া খেমচান্দ সিং এজন মেইটেই সম্প্ৰদায়ৰ লোক আৰু  অভিযন্তা । তেওঁ পূৰ্বৰ বীৰেণ সিং চৰকাৰত পৌৰ প্ৰশাসন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০২২ চনত মুখ্যমন্ত্ৰী পদৰ অন্যতম প্ৰতিদ্বন্দ্বী আছিল য়ুমনাম  খেমচান্দ সিং ।

Leave a Reply

Your email address will not be published. Required fields are marked *