যিটো সময়ত ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰিছে। সেই সময়তে এজন উচ্চ শিক্ষিত ব্যক্তিৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। নাম ইৰফান উল্লাহ। পেছাত এগৰাকী সহকাৰী অধ্যাপক। লকডাউনৰ সময়ত ব্যতিক্ৰমী চিন্তাৰে মাত্ৰ ৫ হাজাৰ টকাত আৰম্ভ কৰিছিলে কুকুৰা পালনৰ প্ৰকল্প। আৰু বৰ্তমান একাংশ নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে।যান্ত্ৰিকতাৰ মহানগৰীত চাদৰ ওপৰত কম ঠাইত আৰম্ভ কৰিছে কুকুৰা পালনৰ প্ৰকল্প। যিটো সময়ত অসমৰ মাংসৰ বজাৰৰ চাহিদা পূৰণৰ বাবে বহিঃ ৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে মাংস আমদানি কৰিব লগীয়া হৈছে তেনে সময়ত ইৰফান উল্লাহৰ এই প্ৰচেষ্টা সচাকৈ প্ৰসংসনীয়।