বাজপেয়ী ভৱনত কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ভূপেন বৰাৰ

Share

সমাগত ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন।ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা হৈছে।এইকেইদিন সঘনাই চৰ্চাত থকা এজন ৰাজনৈতিক নেতা হৈছে ভূপেন বৰা।নিজ ইচ্ছাৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা স্বাভিমানী নেতা ভূপেন বৰা বৰ্তমান সময়ত চৰ্চাৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।দল ত্যাগৰ পিছতেই অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক বিজেপি দললৈ সা-সন্মানেৰে আদৰণি জনোৱা হৈছে।কালি ভূপেন বৰাই বাজপেয়ী ভৱনত বিজেপিৰ গেৰুৱা বসন পৰিধান কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।যোগদানৰ পিছতেই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে-“আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক সঞ্জু বৰাই বিজেপিত যোগদান কৰিছে।মই তেওঁলোকক বিজেপিলৈ আদৰণি জনাইছোঁ।আজিৰ পৰা তেওঁলোকৰ কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণ ৰূপে নোহোৱা হ’ল।এতিয়া আমি বিজেপিৰ এজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপি শক্তিশালী কৰিবলৈ,অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ কাম কৰিম ।’’

আনহাতে বিজেপিত যোগদান কৰি ভূপেন বৰাই কয় যে-‘‘এতিয়া যিসকল স্বাভিমানী অসমীয়া কংগ্ৰেছত আছে, তেওঁলোকৰ অৱস্থা মহাভাৰতৰ যুঁজৰ কৰ্ণৰ দৰে হৈছে।কৰ্ণৰ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিল। সেয়ে সাগৰৰ পাৰত গৈ মাকে কৈছিল তুমি পাণ্ডৱৰ ফালে গুছি আহা, তেতিয়াই কৰ্ণই মাক উত্তৰ দিছিল হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিও বিফল নহ’ব মোৰ যৌৱনৰ পণ।শাখা মোৰ, ভাতৃ মোৰ মাথোঁ দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছো, কৰ্ণসকল আছে, তেওঁলোকে লাহে-লাহে উপলব্ধি কৰিব।’’

বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভূপেন বৰাক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি প্ৰদান কৰে।আনহাতে কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক সঞ্জু বৰা আৰু সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক মেডিয়া পেনেলিষ্টৰ দায়িত্ব প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *