৪৫ বছৰৰ অভিলেখ ভংগ যমুনা নদীৰ 

Share
বিপদসীমা অতিক্ৰম কৰিছে যমুনা নদীয়ে। বিগত দিন কেইটাত হৈ যোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানৰ আশংকাত ভুগিছে দেশৰ ৰাজধানী চহৰ দিল্লী। তাকে লৈ বৰ্তমান শংকিত হৈ পৰিছে দিল্লীবাসী।
চন:২০১৩। তাৰ পাছত প্ৰথমবাৰৰ বাবে বুধবাৰে পুৱা ৪ বজাত পানীৰ স্তৰ ২০৭ মিটাৰ অতিক্ৰম কৰিছে। জলস্তৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ সমীপৰ অঞ্চলবোৰত বানপানীৰ আশংকা কৰিছে কেন্দ্ৰীয় জল আয়োগে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিশাৰ ভিতৰত যমুনা নদীৰ জলস্তৰ ২০৭.৭২ মিটাৰত উপনীত হোৱাৰ কথা টুইট যোগে জানিবলৈ দিয়ে।লগতে যমুনা দাতিকাষৰীয়া বাসিন্দাক শীঘ্ৰেই সেই ঠাই খালী কৰাৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে, যোৱা চাৰিটা দিনত প্ৰতিকূল বতৰৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত ১০০ ৰো অধিক লোকৰ কৰুণ মৃত্যু ঘটিছে। যোৱা ৮ জুলাইৰ পৰা এতিয়ালৈকে হিমাচল প্ৰদেশত ৩৬, উত্তৰ প্ৰদেশত ৩৪, জম্মু-কাশ্মীৰত ১৫, উত্তৰাখণ্ডত ৯, দিল্লীত ৫, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা এই তিনি ৰাজ্যত এজনকৈ লোক নিহত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *