অনালি শৰ্মা
লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত ‘স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা’ । প্ৰতিজন ব্যক্তিৰ বাবে মাতৃভাষা কেৱল যে অনুভৱ বিনিময়ৰ মাধ্যম তেনে নহয় ই জাতীয় চেতনাৰো প্ৰতীক । যাৰ বাবে ভাষাটোক ৰক্ষা কৰা প্ৰতিজন ব্যক্তিৰে দায়িত্ব । কিয়নো মাতৃভাষা উজ্জীৱিত হৈ থাকিলেহে এটা জাতিৰ স্পন্দন বিশ্বৰ বুকুত অনুভূত হৈ থাকে বুলি ক’ব পাৰি । কিন্তু বৰ্তমান সময়ত নানান টা কাৰণত পৰি আমাৰ অসমীয়া ভাষাৰ প্ৰকৃত ৰূপ হেৰোৱাৰ পথত ।
বৰ্তমান সময় তথ্য প্ৰযুক্তিৰ সময় । যাৰ সহায়ত ভাষা এটাক বিশ্বজুৰি বিয়পাই দিয়াত যথেষ্ট সুবিধা হৈছে । ভাষাপ্ৰেমী সকলে ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত ডিজিটেল মাধ্যমত ভাষাটোৰ সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই উদ্দেশ্যেৰেই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সৃষ্টিৰাজীক ইউনিক’ড লৈ ৰূপান্তৰণ কৰাৰ অন্যতম আঁচনি হিচাপে ২০১০ চনৰ ২৭ নৱেম্বৰত ‘অসমীয়াত কথা-বতৰা’ নামৰ গোটটোৰ জন্ম হয় । সেই গোটৰ লিখা – মেলা কৰা ব্যক্তি সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰেই ২০১১ চনৰ জুলাই মাহৰ পৰা বছা বছা কিছু লিখা সামৰি লৈ অসমীয়া অনলাইন আলোচনী সাহিত্য ডট অৰ্গৰ জন্ম হয়। এই আলোচনী খন প্ৰথম খন অসমীয়া আলোচনী হোৱাৰ লগতে প্ৰথম আইএছএছএন যুক্ত অনলাইন আলোচনী । পৰৱৰ্তী সময়ত আলোচনী খনক ‘ভাষা সাহিত্য সন্মিলনী,অসম’ নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰাৰ লগতে মাহেকীয়া মুখপত্ৰ হিচাপে গ্ৰহণ কৰা হয় । আজি এই আলোচনীখনে বৰ্ণিল যাত্ৰাৰ দহ বছৰীয়া পথ অতিক্ৰম কৰে । আলোচনী খনৰ জন্মৰ উদ্দেশ্য সফল কৰি তোলাত সহায় কৰা প্ৰতিগৰাকী লেখক, পাঠক আৰু শুভাকাংক্ষীক উদ্যোক্তা অভিজিৎ দত্ত আৰু মৃদুল কুমাৰ শৰ্মাই আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে ভাষা সাহিত্যৰ হকে অৰিহণা যোগাই যাবলৈ আহ্বান জনায় ।