বনকৰ্মীৰ সহায়ৰ বাবে ডব্লিউ ডব্লিউ এফে প্ৰদান কৰিছে এম্বুলেঞ্চ

Share

বনকৰ্মীসকল কৰ্তব্যৰত অৱস্থাত বিভিন্ন সময়ত বন্যপ্ৰাণীৰ আক্ৰমনত আহত হ’বলগীয়া হয় ৷ এনে ক্ষেত্ৰত জৰুৰী চিকিৎসাৰ প্ৰয়োজনীয়তা থাকে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এম্বুলেঞ্চৰ অভাৱত  আহত বনকৰ্মীৰ অৱস্থা সংকটজনক হৈ পৰে ৷

ইয়াৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে স্বেচ্ছাসেৱী সংস্থা ডব্লিউ ডব্লিউ এফে(WWF)  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পন কৰে এখন এম্বুলেঞ্চ। বুধবাৰে ডব্লিউ ডব্লিউ এফৰ কৰ্মকৰ্তাই আনুষ্ঠানিক ভাৱে এম্বুলেঞ্চখন ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পন কৰে।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰে যে এম্বুলেন্সখন প্ৰয়োজন সাপেক্ষে স্থানীৰ লোকৰ চিকিৎসা সেৱাৰ বাবেও উপলব্ধ হ’ব৷ উল্লেখযোগ্য যে, ডব্লিউ ডব্লিউ এফে যোৱা তিনিটা বছৰত অসমৰ বিভিন্ন স্থানত আহত ২৫ গৰাকী বনকৰ্মীক চিকিৎসা সাহায্য আগবঢ়াইছে  ৷ ইয়াৰে ভিতৰত ১৩ গৰাকী কাজিৰঙাৰ বনকৰ্মী।

Leave a Reply

Your email address will not be published. Required fields are marked *