সাপটগ্ৰাম, ১৩ আগষ্টঃ যোৱা ১২ আগষ্টত ধুবুৰী জিলাৰ চাপটগ্ৰাম মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ আৰু আভ্যন্তৰীন মান নিৰ্ণায়ক কোষ(IQAC) আৰু দৰং জিলাৰ পাতিদৰং মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ যুটীয়া উদ্যোগত এখনি অনলাইন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰ খনৰ বিষয় বস্তু আছিল- ডঃ এছ্ আৰ্ ৰংগনাথনৰ দৰ্শন- মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত | আলোচনা চক্ৰ খনত আদৰণি ভাষণ আগবঢ়াই দুয়োখন মহাবিদ্যালয়ৰ অধ্যক্ষ ক্ৰমে ডঃ ৰাজেশ্বৰ প্ৰসাদ সিং আৰু মিচেচ শ্ৰীয়ম বৰকাকতি য়ে | গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সঞ্জয় কুমাৰ সিং, অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সন্থাৰ সম্পাদক ডঃ প্ৰশান্ত কুমাৰ ডেকা আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্হাগাৰিক ডঃ বীৰেন্দ্ৰ পল সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডঃ ৰংগনাথনৰ দৰ্শন আৰু গ্ৰন্থাগাৰ বিজ্ঞানত তেখেতৰ অৱদান আদি বিতং ভাৱে আলোচনা কৰে | দুয়োখন মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী কৰ্মচাৰীৰ উপৰিও আন বহুতো লোকে এই আলোচনাত অংশগ্ৰহণ কৰে। আলোচনা চক্ৰ খনৰ আঁত ধৰে পাতিদৰং মহাবিদ্যালয়ৰ গ্ৰন্হাগাৰিক শ্ৰীমতী ৰেখা ৰাণী শইকীয়াই | লগতে সহযোগ কৰে সাপটগ্ৰাম মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ৰীতা মালাকাৰ তথা একেখন মহাবিদ্যালয়ৰে IQAC ৰ সম্বন্বয়ক গৌৰ কৃষ্ণ সাহাদেৱে।