দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হবলগীয়া চলিত বিশ্বকাপৰ মেগাফাইনেললৈ মাজত মাঁথো আৰু কেইটামান ঘণ্টা। বিশ্বকাপৰ অন্তিমখন যুঁজৰ বাবে সাজু ভাৰত আৰু অষ্ট্ৰেলিয়া।এই সন্দৰ্ভত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ কথা মনত পেলাই অষ্ট্ৰেলিয়ান বলাৰ মিছেল ষ্টাৰ্কে ভাৰতক সকীয়নি দি সংবাদ মেলত কয়, আমি ভাৰতৰ বিৰুদ্ধে ইতিমধ্যে একাধিকবাৰ ফাইনেল খেলিছোঁ। বিশ্ব টেষ্ট চেম্পিয়নশ্বপৰ ফাইনেলৰ কথা পাহৰি গলে নহব । আমাৰ বাবে ফাইনেল নতুন কথা নহয়।
উল্লেখ্য যে, ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছিল।যত ৰিকি পণ্টিঙৰ অষ্ট্ৰেলিয়াৰ সমুখত পৰাজয় বৰণ কৰিছিল গাংগুলীৰ ভাৰতে । এইবাৰ পুনৰ দুটা দশকৰ পাছত এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰত-অষ্ট্ৰেলিয়া মুখামুখি হব । ২০০৩ৰ সেই স্মৃতি ৰোমন্থন কৰি গাংগুলীয়ে কয়, ভাৰতে প্ৰতিযোগিতাত চেম্পিয়নৰ দৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে ।
মন কৰিবলগীয়া বিষয় যে , এইবাৰ বিশ্বকাপত যোৱা ৮ অক্টোবৰত চেন্নাইত ভাৰত আৰু অষ্ট্ৰেলিয়াই খেলা মেচখনত ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ আৰু ৰবিচন্দ্ৰন অশ্বিনৰ স্পীনৰ যাদুত ১৯৯ ৰানতে ইনিংছ সামৰি বিশ্বকাপৰ অভিযান পৰাজয়ৰে আৰম্ভ কৰিছিল অষ্ট্ৰেলিয়াই। গতিকে ভাৰতৰ লগত অষ্ট্ৰেলিয়াৰ এই পৰাজয়ৰ পুনৰাবৃত্তি ঘটাই ২০০৩ চনৰ বিশ্বকাপৰ প্ৰতিশোধ লব ভাৰতে।