দেশৰ সকলো কৰ্মৰত মহিলা আৰু কন্যা ছাত্ৰীয়ে ‘মাহেকীয়া ঋতুস্ৰাৱ’ ৰ সময়ত ছুটি লাভ কৰিব লাগে বুলি উচ্চতম ন্যায়লয়ক এখন আবেদন দাখিল কৰে। এই আবেদনৰ আগতীয়া শুনানিৰ বাবে ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়লয়ত অনুৰোধ জনোৱা হৈছিল। তাৰ ঠিক পিছতেই ২৪ ফেব্ৰুৱাৰীত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হব বুলি আদালতে সদৰি কৰে।
আবেদন খনত কোৱা হৈছিল যে কিছুমান দেশত মহিলা সকলক কোনোবা নহয় কোনোবা দিনত ‘মাহেকীয়া ঋতুস্ৰাৱ’ৰ সময়ত ছুটি দিয়া হয়। মাহেকীয়া ঋতুস্ৰাৱ ৰ সময়ত বহুতো মহিলাই সমস্যাৰ সন্মুখীন হবলগীয়া হয়।
উল্লেখ্যযোগ্য যে, ‘ভাৰতীয় ঋতুস্ৰাৱৰ পৰিস্কাৰ পৰিচ্ছন্নতা মিত্ৰতা'(MHAI) ৰ তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰে ১২.৩ বিলিয়ন চেনিটাৰী পেড ব্যৱহাৰ কৰা হয় আৰু দেশত ঋতুস্ৰাৱ হোৱা যুৱতী আৰু মহিলা ৩৩.৬ কোটিৰো অধিক।