শীঘ্ৰেই সম্পন্ন কৰা হ’ব পানী যোগান প্ৰকল্পৰ কাম

Share
গুৱাহাটী মহানগৰীত দেখা দিয়া বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কামৰ আলোচনাৰ বাবে বুধবাৰে জনতা ভৱনস্থিত  বিভাগীয় কাৰ্যালয়ত মন্ত্ৰী অশোক সিংহলে বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 
বৈঠকত মন্ত্ৰীগৰাকীয়ে মহানগৰীত সৃষ্টি হোৱা জান-জোঁট নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ বিষয়া কৰ্মচাৰীসকলক ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বৈঠকত দ্বীপৰ বিল প্ৰকল্পৰ ওপৰত পৰ্যালোচনা কৰি সেই প্ৰকল্পৰ কাম আগুৱাই নিয়াৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। 
আনহাতে গুৱাহাটী মহানগৰবাসীয়ে দীৰ্ঘদিন ধৰি ভুগি থকা খোৱা পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো বিষয়া কৰ্মচাৰীৰ সৈতে আলোচনা কৰি শীঘ্ৰেই পানী যোগান প্ৰকল্পৰ ব্যবস্থা সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে সিংহলে। তদুপৰি পানীৰ পাইপ বিস্ফোৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে পানী পৰিবাহী পাইপ লাইন শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *