আজি ছত্তীশগড়ৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যৰ সময়ছোৱাতে ভাৰতীয় গণতন্ত্ৰত কোনো কালেই দেখি নোপোৱা কাৰ্য ৰূপায়নেৰে ৰাজ্যখনৰ মহিলাই এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ছত্তীশগড়ৰ ৰায়পুৰৰ ২০১ টা ভোটকেন্দ্ৰৰ সকলো দায়িত্ব গ্ৰহণ কৰিছে কেৱল মহিলাই। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এনে ঘটনা ইয়ে প্ৰথম । এই সন্দৰ্ভত ৰায়পুৰ জিলা প্ৰশাসনে এক বিবৃতিত কয় যে, প্ৰথমবাৰৰ বাবে ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত মহিলাই কান্ধ পাতি লৈছে ভোট গ্ৰহণৰ সকলোবোৰ দায়িত্ব।
উল্লেখ্য যে, ছত্তীশগড়ত যোৱা ৭ নৱেম্বৰত প্ৰথম পৰ্যায়ত ২০ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু আজি দ্বিতীয় পৰ্যায়ত ৭০টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। য’ত মুঠ ১৮,৮৩৩টা ভোটকেন্দ্ৰৰ ২০১টা ভোটকেন্দ্ৰত প্ৰিজাইদিং অফিচাৰ, পোলিং অফিচাৰ সকলোৰে গুৰু দায়িত্ব বহন কৰিছে কেৱল মহিলাই।মনকৰিবলগীয়া বিষয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত ব্যাপক হাৰত হিংসাত্মক ঘটনা তথা মাওবাদীৰ আক্ৰমণো সংঘটিত হোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ পাছতো নিৰ্বাচনৰ সকলো দায়িত্ব গ্ৰহণ কৰি মহিলাসকলে তেওঁলোকৰ সাহসীকতাৰ পৰিচয় দিছে।