বিগত ১৮ ছেপ্টেম্বৰৰ পৰা নতুন সংসদ ভৱনত আৰম্ভ হোৱা বিশেষ অধিৱেশনত গৃহীত কৰা হ’ল মহিলা সংৰক্ষণ বিধেয়ক । এই বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এক বিশেষ মন্তব্য । তেওঁ কয় যে,” মহিলা সবলীকৰণ বিজেপিৰ বাবে ৰাজনৈতিক বিষয় নহয়, এয়া কৰ্ম সংস্কৃতিৰ অন্তৰ্নিহিত ধাৰণাহে।”
লোকসভাত বিধেয়ক খন গৃহীত হোৱাৰ পিছত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে টুইটযোগে মন্তব্য কৰে যে, “এইটো আমাৰ দেশৰ বাবে এক ঐতিহাসিক ঘটনা। প্ৰধান মন্ত্ৰীয়ে পৰিকল্পনা কৰা এই বিধেয়কখনে মহিলাৰ সৱলীকৰণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব । এই বিধেয়ক খনে আমাৰ দেশত ন্যায়সংগত আৰু মহিলাৰ সামগ্ৰীক বিকাশৰ বাবেও উদগনি যোগাব।”
এই ক্ষেত্ৰত সদনৰ ৪৫৪ জন সদস্যই মহিলা সংৰক্ষণৰ বিধেয়ক আইনখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ২ জন সদস্যই বিধেয়কখন গৃহীত হোৱা প্ৰস্তাৱৰ বিপক্ষে ভোটদান কৰে।