এনডিএৰ প্রৱেশ পৰীক্ষাত মহিলাকো সুযোগ

Share

সুপ্রিয়া তৰফদাৰ

গুৱাহাটী,১৯ আগষ্টঃ নেচনেল ডিফেন্স একাডেমী (এনডিএ)ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলেও অৱতীর্ণ হ’ব পাৰিব৷ আজি এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণৰ সময়ত উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তী ৰায়ত এই কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহিবলৈ অনুমতি নিদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় সেনাক কঠোৰ ভাষাত সমালোচনা কৰিছে দেশৰ শীর্ষ আদালতখনে৷ আগন্তুক ৫ ছেপ্টম্বৰত নেচনেল ডিফেন্স একাডেমীৰ প্রৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। দিল্লীৰ অধিবক্তা কুছ কালৰা আবেদনত অভিযোগ কৰিছিল মাত্র লিংগৰ ভিত্তিত মহিলাসকলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ নিদিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত উলংঘা হৈছে ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৬ আৰু ১৯ অনুচ্ছেদ৷

বুধবাৰে শীর্ষ আদালতখনৰ বিচাৰপতি সঞ্জয় কিষাণ কৌল আৰু বিচাৰপতি হূষীকেশ ৰয়ৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্রহণ কৰি কয় যে ভাৰতীয় সেনাত মহিলাসকলক সমান সুযোগ দিয়া হৈছে৷ সশস্ত্র বাহিনীত জড়িত হোৱাৰ প্রক্রিয়াত কোনোধৰণৰ মৌলিক অধিকাৰ উলংঘা নহয় বুলিও ন্যায়ালয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *