ঘৰলৈ উভতিব লগা হব নেকি ৰিয়ান পৰাগ

Share

আই পি এলৰ একেৰাহে তিনিখন মেচত জয়ী হৈ পৰৱৰ্তী দুখন মেচত পৰাজয় বৰণ কৰা ৰাজস্হান ৰয়েলছ বৰ্তমান পইন্ট তালিকাৰ তৃতীয় স্হানত।বিগত দুখন মেচত পৰাজয়ৰ বাবে দলটো শীৰ্ষস্হা্নৰ পৰা বঞ্চিত হয় আৰু সেই স্হান দখল কৰে চেন্নাই চুপাৰ কিংছে।

উল্লেখযোগ্য যে এতিয়াও আশা শেষ হোৱা নাই ৰাজস্হান ৰয়েলছ।আজি গৃহ চহৰত ৰিয়ান পৰাগে খেলিব অষ্টমখন মেচ। তেওঁৰ সন্মুখত আছে শীৰ্ষস্হানত থকা চেন্নাই চুপাৰ কিংছ।আনহাতে ৰাজস্হান ৰয়েলছৰ এতিয়া মূল সমস্যা বেটিঙত কি্য়নো প্ৰায় সকলো খেলুৱৈয়ে যেন জছ বাটলাৰৰ ওপৰত নিৰ্ভৰশীল।দুৰ্বল হৈছে মিডল অডাৰ।নিম্ন স্হানত থকা হেটমেয়াৰক বেটিং কৰিবলৈ দিয়া সিদ্ধান্তই সহায় কৰা নাই দলটোক।

ইয়াৰ ওপৰিও দুৰ্বল ফৰ্মত থকা ৰিয়ান পৰাগৰো উভতি অহাৰ সম্ভাৱনা কম।ৰিয়ানৰ স্হানত অহা ধ্ৰুৱ জুৰ্লে নিৰ্ভৰযোগ্য খেল প্ৰৰ্দশন কৰিছে ।ধাৰাবাহিক ব্যৰ্থতাই হতাশ কৰি থোৱা ৰিয়ান পৰাগ সম্পূৰ্ণৰুপে ব্যৰ্থ নহয়।অৱশ্যে দলটোৰ জয়ত ৰিয়ানৰো যথেষ্ট বৰঙণি আছে।

অৱশ্যে এই কথা ৰিয়ানেও জনা দৰকাৰ যে সুযোগৰ সদব্যৱহাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে। আই পি এলত তিষ্ঠি থাকিবলৈ কিয়নো ৰিয়ানৰ বেটত ৰান নাহিলে পৰৰ্ৱতী আই পি এলত হয়তো ৰাজস্হান ৰয়েলছে কঠোৰ সিদ্ধান্ত লব লগীয়া হব পাৰে খৈলুৱৈগৰাকীৰ বাবে ।

Leave a Reply

Your email address will not be published. Required fields are marked *