‘খেলা হবে’ ভাইৰেল ফটো ! চকুত ছানগ্লাছ,পিন্ধনত শাৰী, ফুটবলত কিক মৰা কোন এইগৰাকী সাংসদ ?

Share

খেলা হবে । ১৬ আগষ্টৰ দিনটোতে সমগ্ৰ ৰাজ্যজুৰি খেলা হবে দিৱস পালন কৰে তৃণমূল কংগ্ৰেছে। শাসকীয় দলটোৰ ঘোযণা অনুসৰি, ১৬ আগষ্টৰ দিনা খেলা হবে দিৱস হ’ব আৰু সমগ্ৰ পশ্চিমবংগত ফুটবল খেলৰ আয়োজন কৰি ক্ৰীড়াক প্ৰসাৰিত কৰিব । পিছে খেলা হবে দিবসৰ দিনাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এখন বিশেষ ফটো। বিশেষ মানে, এই খেলা দিৱসৰ দিনাই এক ফুটবল খেলত অংশ লৈছিল তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ।

ফুটবল খেলি উঠি মহুৱাই নিজৰ এখন ফটো শ্বেযাৰ কৰিছিল সামাজিক মাধ্যমত।য’ত সাংসদগৰাকীক দেখা পোৱা গৈছিল পিন্ধনত শাৰীৰ সৈতে ছানগ্লাছ পৰিহিত। ফুটবলত কিক মৰা মহুৱাৰ ‘খেলা হবে’ ফটো এতিয়া ভাইৰেল দ্ৰুতগতিত ।তদুপৰি, বিগত বৰ্যৰ হাই-ভল্টেজ বিধানসভা নিৰ্বাচনৰ সময়ত খেল হবে সংলাপটি হৈ পৰিছিল অতি জনপ্ৰিয় । খেলা হবে শ্লোগান আওঁৰায়ে বিজেপিক পৰাভূত কৰি তৃতীয়বাৰৰ বাবে ক্ষমতাৰ ৰাজআসনত অধিষ্ঠিত হৈছিল তৃণমূল। যোৱা বছৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী খোদ ঘোষণা কৰা অনুসৰি এতিয়াৰে পৰা ১৬ আগষ্টৰ দিনটোতে পালন কৰা হ’ব খেলা হবে দিৱস। সেই নিৰ্দেশ অনুসৰি অতি উতসাহেৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় খেলা হবে দিৱস।    

Leave a Reply

Your email address will not be published. Required fields are marked *