ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ভাবী জী ঘৰ পৰ হ্যে’ৰ অভিনেতা দীপেশ ভানৰ আকস্মিক মৃত্যুৰ পিছত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেতা গৰাকীৰ পত্নী মেঘা। একমাত্ৰ সন্তানৰ সৈতে পেটৰ ভাতমুঠি গোটোৱাৰ চিন্তাৰ লগতে তেওঁৰ মূৰত সৰগ ভাগি পৰাদি পৰিছিল নতুনকৈ নিৰ্মাণ কৰা ঘৰটোৰ বাবদ লোৱা প্ৰায় লাখ টকাৰ ঋণ। এনে অৱস্থাত মানসিকভাৱে ভাগি পৰা অভিনেতা দীপেশৰ পত্নীৰ কাষত থিয় দিছে ‘ভাবী জী ঘৰ পৰ হ্যেৰ’ সহ অভিনেত্ৰী সৌম্য টণ্ডনে। শেহতীয়াকৈ সৌম্য টণ্ডনৰ তৎপৰতাত মেঘাই বকেয়া ৫০ লাখ হোম লোন পৰিশোধ কৰিবলৈ সক্ষম হৈছে। এই কথা এটা ইনষ্টাগ্ৰাম পোষ্টযোগে জানিবলৈ দিয়ে অভিনেতা গৰাকীৰ পত্নী মেঘাই।
দেওবাৰে মেঘাই প্ৰয়াত স্বামী তথা অভিনেতা দীপেশ ভানৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা প্ৰকাশ কৰে এটা ভিডিঅ’। এই ভিডিঅ’ যোগে তেওঁৰ বকেয়া হোম লোন পৰিশোধ কৰাৰ বিষয়ে অৱগত কৰে। লগতে এই বৃহৎ ঋণ পৰিশোধত তেওঁক সহায় কৰা অভিনেত্ৰী সৌম্য টণ্ডনৰ লগতে ধাৰাবাহিকখনৰ প্ৰযোজক বিনাইফাৰ কোহলীকো ধন্যবাদ জনায় মেঘা ভানে। ভিডিঅ’টোৰ জৰিয়তে তেওঁ কয় যে “জুলাই মাহত দীপেশৰ হঠাৎ মৃত্যুৰ পিছত মই বিচলিত হৈ পৰিছিলো। আৰ্থিকভাৱেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলো। এই ঘৰটোৰ ওপৰত মোৰ এটা বৃহৎ ঋণ আছিল আৰু সেইটো পৰিশোধ কৰাৰ কোনো উপায় মোৰ ওচৰত নাছিল। সেই সময়ছোৱাত সৌম্য টণ্ডন ভগবান হৈ মোৰ জীৱনলৈ আহে আৰু তেওঁৰ সহায়ৰ বাবেই মই এমাহৰ ভিতৰত ঋণ পৰিশোধ কৰিবলৈ সক্ষম হৈছো। লগতে তেওঁ কয় যে ছোম্যাই কেট্ট’ত মোৰ একাউণ্ট বনাই মোৰ বাবে ধন সংগ্ৰহৰ কাম আৰম্ভ কৰিছিল।
লগতে বেনাইফাৰ কোহলী মেমকো ধন্যবাদ জনাইছো। শ্ব’টোৰ প্ৰযোজকগৰাকীয়ে সদায় সমৰ্থন কৰি আহিছে আৰু এতিয়াও কৰি আছে। মই দীপেশৰ একাউণ্টৰ পৰা এইটো শ্বেয়াৰ কৰিছো যাতে ভিডিঅ’টো বহুত মানুহৰ ওচৰলৈ যায় বুলি ভিডিঅ’ জৰিয়তে কয় অভিনেতা গৰাকীৰ পত্নীয়ে। উল্লেখ্য যে, চলিত বৰ্ষৰ ২৩ জুলাইত বন্ধুৰ সৈতে ক্ৰিকেট খেলি থকা সময়তে হঠাৎ ঢলি পৰিছিল অভিনেতা দীপেশ ভান। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসকে অভিনেতাগৰাকীক মৃত ঘোষণা কৰে। ভাবী জী ঘৰ পৰ হ্যে নামৰ কমেডী ধাৰাবাহিকখনত মালখান সিঙৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা দীপেশ ভানে।