গুৱাহাটী, ২৬ এপ্রিলঃ বিশ্বৰ আটাইতকৈ বেছি বয়সীয়া হিচাপে স্বীকৃতিপ্রাপ্ত এগৰাকী ব্যক্তি । গীনিজ ৱৰ্ল্ড স্বীকৃতি দিয়া ব্যক্তিগৰাকী হৈছে জাপানৰ। ১১৯ বছৰ বয়সত মৃত্যু হোৱা বুলি ইতিমধ্যে সদৰী কৰিছে স্থানীয় বিষয়াসকলে। ১১৯ বছৰ বয়সত মৃত্যু হোৱা ব্যক্তিগৰাকীয়ে হৈছে জাপানৰ কানে টনাকা নামৰ এগৰাকী এগৰাকী মহিলা ।
মহিলাগৰাকীৰ জন্ম হৈছিল ১৯০৩ চনৰ ২ জানুৱাৰীত জাপানৰ দক্ষিণ পশ্চিমৰ ফুকুঅকা নামৰ এটা অঞ্চলত । কিছুদিনৰ পূৰ্বলৈকে টনাকাৰ স্বাস্থ্য আপেক্ষিকভাৱে ভাল অৱস্থাতে আছিল । এখন নাৰ্ছি় হোমত চিকিৎসাধীন আছিল। এশ বছৰৰ আগতে কানে টানাকাৰ বিয়া হৈছিল হিদিও টানাকাৰ সৈতে । তেওঁলোকৰ চাৰিটা সন্তান জন্ম হোৱাৰ পাছত এটা সন্তান তুলিও লৈছিল । ২০২১ চনত টানাকাই হুইল চেয়াৰত টকিঅ’ অলিম্পিকত টৰ্চ ৰেলিও অংশগ্ৰহণৰ বাবে চিন্তা- চৰ্চা কৰিছিল যদিও সেই সময়ত কৰোণা মহামাৰীয়ে সংহাৰ ৰূপ লোৱাৰ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সেয়া সম্ভৱ হৈ নুঠিলে ।