বৰ্তমানৰ শাসনাধিষ্ঠ এটা ৰাজনৈতিক দল। তিনিগৰাকী ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি। দুগৰাকীৰ মুকলিকৈ বিসম্বাদ দলক লৈ। দুয়োগৰাকী হৈছে প্ৰাক্তন ৰাজ্যিক সভাপতি। আৰম্ভ হৈছে ৰাজ্যিক বিজেপিত খামখেয়ালি।দলৰ নতুন সদস্যক লৈ মত-বিৰোধ দেখা গৈছে। পুৰণিক এলাগী কৰি নতুনে কৰিব খুজিছে দলত আধিপত্য। সেয়া দলৰ পুৰণি জেষ্ঠ নেতাসকল বাবে হৈ পৰিছে অতীষ্ঠ।
প্ৰাক্তন সভাপতি দুগৰাকী হৈছে ৰাজেন গোহাঁই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বৰ্তমানৰ সভাপতি ভৱেশ কলিতা। দলৰ মজিয়াত প্ৰথমে বিদ্ৰোহৰ সূচনা কৰিছিল বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। তাৰ পাছতে মহাবিস্ফোৰণৰ মন্তব্যৰ পাছতে মুখ খুলিছিল ৰাজেন গোহাঁইয়ে।
দলত এনেবোৰ ঘটনা ঘটি থকাৰ পাছতো নিৰৱে আছে ভৱেশ কলিতা। যেন তেওঁ কাঠৰ পুতলাহে। এতিয়া প্ৰশ্ন হয় ৰাজ্যিক সভাপতি গৰাকীয়ে নিজাৱবীয়াকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰে নেকি। কিয় অক্ষুণ্ণ ৰখাত চূড়ান্ত ব্যৰ্থ হৈছে ভৱেশ কলিতা। কোনে নচুৱাই সভাপতিগৰাকীক।
সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ অসন্তুষ্টি বিদ্ৰোহৰ পাছতো তৎপৰতা নাই কোনো ভৱেশ কলিতাৰ। উল্লেখ্য যে বিশৃংখলতাক শৃংখলিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে দলৰ জেষ্ঠ নেতাসকলে। পৰিস্থিতি এনে পাইছে গৈ সংঘাত নিৰাময় নহয় এতিয়া বাজপেয়ী ভৱনত। যাৰ বাবে দিল্লীত যাব লগা হল সাক্ষাৎ কৰিবলৈ অমিত শ্বাহক ৰাজেন গোহাঁইয়ে।