২এপ্ৰিলত অসমত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান উপস্থিত হয়। গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে দুই মুখ্যমন্ত্ৰীয়ে। সভাত অংশগ্ৰহণ কৰি তুলাধূণা দিয়ে কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰীক। তেওঁ মন্তব্য কৰে অসমক সকলো দিছে ভগৱানে। নৈ, জলবায়ু, খলিজ সকলো আছে। কিন্তু বিজেপি, কংগ্ৰেছ, অগপই সকলো ধ্বংস কৰি দিলে।অসমৰ জনতাই সকলোকে সুযোগ দিছে ,কিন্তু ইমান বছৰে জনতাই একো নাপালে। কেৱল অসমৰ জলতাৰ লগত বিশ্বাসঘাটকতা কৰিছে।
প্ৰশ্নকাকত ফাদিল হোৱাক লৈও মন্তব্য আগবঢ়ালে কেজৰিৱালে । তেওঁ কয় যে যি ৰাজ্যৰ চৰকাৰে প্ৰশ্নকাকত চম্ভালিব পৰা নাই আৰু চৰকাৰ কি চম্ভালিব? দিল্লী পঞ্জাৱত যদি নহয় অসমত কিয় হয়। কাৰণ ইয়াত কোনোবা ৰাজনৈতিক দলৰে মানুহ জড়িত আছে।
হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সন্দৰ্ভতো মন্তব্য কৰি কলে যে মুখ্যমন্ত্ৰী পৰিয়ালৰ লোকেও ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলে। গতিকে চৰকাৰী স্কুল কিয় চলিব। গৰীব সকলে ক’ত শিক্ষা নাপায়। পূৰ্বে দিল্লীতো এনেকুৱা হৈছিল । মন্ত্ৰীৰ স্কুল চলিছিল। আমাৰ চৰকাৰ আহিল এতিয়া কোনো নেতাৰ স্কুল নচলে।