কোনে পাব লক্ষীমপুৰ লোকসভা সমষ্টিৰ টিকট

Share
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক প্ৰচাৰত নামি পৰিছে শাসক-বিৰোধী দল।তেনে পৰিস্থিতিত কংগ্ৰেছে এতিয়াও লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই।কাক দিব কংগ্ৰেছে লক্ষীমপুৰ লোকসভা সমষ্টিৰ টিকট, ৰাণী নৰহৰ নে উদয় শংকৰ হাজৰিকাক। প্ৰথম পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিবই পৰা নাই প্ৰাৰ্থীৰ নাম। এতিয়াও দুই- তিনিদিন লাগিব কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ।এই কথা সদৰি কৰে কংগ্ৰেছৰ জাতীয় নেতা জিতেন্দ্ৰ সিঙে।
ইয়াৰোপৰি লক্ষীমপুৰত ৰাণী নৰহক পিছ পেলাই আগবাঢ়িছে উদয় শংকৰ হাজৰিকা। তেনে ক্ষেত্ৰত কংগ্ৰেছে লক্ষীমপুৰ লোকসভা সমষ্টিৰ টিকট এইবাৰ ৰাণী নৰহক নিদি উদয় শংকৰ হাজৰিকাক দিয়াৰ সম্ভাৱনা আছে। লক্ষীমপুৰ লোকসভা সমষ্টি টিকটৰ পৰা বঞ্চিত হ’ব নেকি ৰাণী নৰহৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *