২০২৬ ত কাৰ হ’ব চৰকাৰ?

Share

২০২৬ ৰ বিধানসভা নিৰ্বাচন নিচেই সমাগত।শাসক বিৰোধী উভয় বৰ্তমান আগন্তুক নিৰ্বাচনৰ ৰণ কৌশল প্ৰয়োগত ব্যস্ত হৈ পৰিছে।২৬ৰ নিৰ্বাচনত কাক টিকট দিলে জয়ী হোৱাৰ সম্ভাৱনা আছে তাক লৈ চিন্তিত শাসক-বিৰোধী।জেষ্ঠ তথা যুৱ নেতাসকলে টিকট লৈ গাদী দখলৰ যো-জাত নামি পৰিছে। প্ৰতিটো দলতেই নিৰ্বাচনৰ প্ৰাকক্ষণত আন্তঃকন্দলে দেখা দিয়াৰ সম্ভাৱনা আছে।

বিজেপিয়ে এটাৰ পাছত আনটো আঁচনি দি চুম্বকৰ দৰে টানি ৰাখিছে অসমৰ লাখ লাখ মহিলাক।অৰুণোদয়ৰ পাছত এইবাৰ উদ্যমিতা আঁচনি প্ৰদানেৰে মহিলা সবলীকৰণত গুৰুত্ব প্ৰদান কৰিছে।২৬ৰ নিৰ্বাচনত পুনৰ বিজেপি চৰকাৰ হ’লে চাউলৰ লগতে মিঠাতেল বিনামূলীয়া কৈ দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।লাখ লাখ নিবনুৱাক নিকাকৈ নিযুক্তি দি নিবনুৱা হ্ৰাস কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে।

কিন্তু প্ৰশ্ন হয় কিমান সবল হৈছে অসমৰ মহিলা।নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছেনে?চাউল মিঠাতেল বিনামূলীয়া কৈ দিলে শেষ হ’ব জানো দৰিদ্ৰতা?১২৫০টকাৰে অৰ্থনৈতিকভাৱে উন্নত হ’ব নে মহিলা?কিমান উন্নত হৈছে অসম?শেষ হৈছে জানো গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা?শেষ হৈছে জানো বেদলকাৰী সমস্যা?উচ্ছেদ সমাধান হ’য় জানো অবৈধ অনুপ্ৰবেশকাৰীৰ?চৰকাৰে আঁচনি প্ৰদানেৰে অসমৰ আভুৱা ভৰাই থকা নাইটো?বিগত বছৰৰ দৰেই বিজেপিয়ে শাসনত থাকিব নে শাসনলৈ আহিব কংগ্ৰেছ?কংগ্ৰেছত আছেনে ৰাজ্য চলাব পৰাকৈ এজন উপযুক্ত নেতা? কংগ্ৰেছৰ ১৫ বছৰৰ শাসনে কি দিলে ৰাজ্যক।কংগ্ৰেছৰ শাসনৰ সময়ত লাখ লাখ চৰকাৰী ভূমি অনুপ্ৰবেশকাৰীয়ে ভৰি পৰিছিল। ধৰ্মীয় সংখ্যালঘুৰ দপদপনি বৃদ্ধি পাইছিল ৰাজ্যত।একেৰাহে ১৫ বছৰৰ শাসনে বহুত অনৈতিক কাৰ্য সংঘটিত হৈছিল।

ৰাজ্যখনক সুপৰিকল্পিতভাৱে আগুৱাই নিবলৈ প্ৰয়োজন এজন সুদক্ষ নেতাৰ।নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ প্ৰয়োজন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত অত্যাধিক নিযুক্তিৰ লগতে ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠা কৰা।মহিলা সবলীকৰণৰ বাবে আঁচনি প্ৰদান কৰাতকৈ প্ৰয়োজন তেওঁলোকক কৰ্মমুখী কৰি তোলা। প্ৰত্যেক জন ব্যক্তিক বৃত্তিমুখী হ’বলৈ উৎসাহী কৰি তুলিব লাগে। বৰ্তমান সময়ত প্ৰতিগৰাকী নাৰীক শৈক্ষিক দিশত আগুৱাই নিয়াৰ যথেষ্ট প্ৰয়োজন আছে।GDP বৃদ্ধি কৰিবৰ বাবে প্ৰত্যেক জন ব্যক্তি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা অতিকৈ প্ৰয়োজন। তেতিয়াহে ৰাজ্যখন অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে উন্নত বুলি গণ্য কৰা হ’ব।

সেয়ে এজন উপযুক্ত নেতাক নিজৰ বিবেকেৰে ভোট প্ৰদান কৰি উপযুক্ত দল এটিক চৰকাৰ গঠন কৰিবলৈ সুবিধা দিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *