আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সভা। নিৰ্বাচন কৰা হ’ব ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰন সম্পাদক। কোন হ’ব সাধাৰন সম্পাদক ইয়াক লৈ চলিচে বহু জলপনা কল্পনা? সোমবাৰে সমন্বয় ক্ষেত্ৰ মুকলি কৰাৰ পাছতে পতাকা উত্তোলন,ছহিদ তৰ্পণ কাৰ্যসূচী সম্পন্ন হয়। সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মুকলি কৰে সাংস্কৃতিক অভিবাদন লগতে দিনৰ ভাগত আয়োজন কৰা হয় সদৌ অসম ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ। সোমবাৰৰ মুখ্য কাৰ্যসূচী হৈছে প্ৰতিনিধি সভা। প্ৰতিনিধি সভাত নিৰ্বাচন কৰা হব ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰন সম্পাদকক। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য তথা কিছুদিন পূৰ্বে পুনৰ সহকাৰী সম্পাদকৰূপে স্থান নিশ্চিত কৰা শিৱসাগৰৰ আছু নেতা সমীৰন ফুকন আছুৰ পৰৱৰ্তী সাধাৰন সম্পাদক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সোমবাৰে সন্ধিয়া আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী মানস ৰবীন, আচুৰ্য বৰপাত্ৰ, দীপলীনা ডেকা। আৰু ২৮ জানুৱাৰীত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী জুবিন গাৰ্গে। লগতে ২৮ জানুৱাৰীত অনুষ্ঠিত হব এক সাংস্কৃতিক শোভাযাত্ৰা আৰু উন্মোচন কৰা হ’ব স্মৃতি গ্ৰন্থ।