ছাদ্দাম হুছেইন, ১ অক্টোৱৰঃ ৰাজ্যত উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰাই আৰম্ভ হৈছে ৰাজনৈতিক কুজ-কাৱাজ, আৰম্ভ হৈছে নেতাৰ মাজত তীব্ৰ কটাক্ষ- বাক-যুদ্ধ, পাঁচোটা সমষ্টিতেই প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণডংকা।
শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰিছে। সেইবাবে মাজুলীতো হব উপ-নিৰ্বাচন।
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দখলত থকা এই মাজুলী বিধানসভা সমষ্টিটোক ৰাজ্যৰ এটি হেভীৱেট সমষ্টি বুলিয়ে চিনাক্ত কৰা হয়। সেয়েহে এইবাৰ উপ-নিৰ্বাচনত মাজুলীত কোন হব সৰ্বানন্দ সোনোৱালৰ উত্তৰসুৰী, এই কথাক লৈ চিন্তিত হৈ পৰিছে মাজুলী বিজেপিৰ লগতে ৰাজ্যিক বিজেপি।
এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে সকলো সমষ্টিতে একে তাৰিখতে নিৰ্বাচন অনুষ্ঠিত হব, আজি বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত সকলো ঠিক হব সমষ্টিটোত কোনে টিকট পাব।
কিন্তু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু খুবেই ঘনিষ্ট, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা যোৱা ২০২১ ৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰা ৰাজীৱ লোচন পেগুৱে যিহেতু শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে সেয়েহে উপ-নিৰ্বাচনত টিকট পোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে মাজুলী উপ-নিৰ্বাচনত। কিন্তু এই কথা মানি লব বিচৰা নাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কাৰণ কেন্দ্ৰত আৰু উপ-নিৰ্বাচন নিবিচাৰে।