গুৱাহাটী, ১১ জুলাইঃ মন্ত্ৰী বিমল বৰাৰ নামত দুষ্ট চক্ৰৰ ধন দাবী। মন্ত্ৰী বিমল বৰাৰ নামত ভূৱা একাউণ্ট খুলি ধন দাবী কৰিছে দুষ্ট চক্ৰই। য’ত তেওঁলোকে মন্ত্ৰী বিমল বৰাৰ ফটো ব্যৱহাৰ কৰিছে। ফোন নম্বৰটো ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়ী, ACS বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল দুষ্টচক্ৰটোৱে।
ফোন কৰিব মানা কৰি মেছেজত কথা পাতিবলৈ কৈছে দুষ্ট চক্ৰই। অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে।ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা ধন সৰকাইছে বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত বিমল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ‘কোনো দুষ্ট চক্রই সহজে ধন ঘটিবৰ বাবে এই কাম কৰিছে’। এই ঘটনাৰ বাবে দিছপুৰ থানাত মন্ত্ৰী বিমল বৰাই এজাহাৰ দাখিল কৰিছে