৫বছৰীয়া কাৰ্য্যকালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা মন্ত্ৰীসকলৰ তালিকাত কোন?

Share

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ শাসনাধিষ্ঠ চৰকাৰখনে যোৱা ৫বছৰে বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাম কৰিছে।সেই বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে এন ই য়ে এক সম্পৰীক্ষা চলাইছে। সম্পৰীক্ষা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত ২৬.২% অসমৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা মন্ত্ৰীগৰাকী হৈছে বৰ্তমানৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা। তেওঁ এই বিশেষ জৰীপত শীৰ্ষস্থান দখল কৰিছে। আনহাতে ১১.৫% সমীক্ষাৰ দ্বিতীয় স্থানত আছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু।

সমীক্ষাৰ তৃতীয় স্থানত ৮.১আছে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ৪.৭চতুৰ্থ স্থান দখল কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।আনহাতে ৪পঞ্চম স্থান দখল কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই।৩.১%   ষষ্ঠ স্থানত আছে ৰাজ্যিক বিত্ত মন্ত্ৰী অজন্তা নেওগ,৩% সপ্তম স্থানত চন্দ্ৰমোহন পাটোৱাৰী,২% অষ্টম স্থানত দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু ১.৯অশোক সিংঘলে নৱম স্থান অধিকাৰ কৰিছে। উল্লেখ্য যে, এই একেই সমীক্ষাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপেও অভিহিত কৰা হৈছে । বৰ্তমানে ৰাজ্যিক কেবিনেটৰ মুঠ সদস্য সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *