কি হ’ব মোডীৰ সপোনৰ উজ্জ্বলা আঁচনি ! মূল্যবৃদ্ধিৰ প্রকোপত এইবাৰ হিতাধিকাৰীয়ে বিক্রী কৰিব লৈছে চিলিণ্ডাৰ 

Share
গুৱাহাটী,২১ এপ্রিলঃ  জনতাৰ বাবে আঁচনিয়ে  আঁচনি । কিন্তু এই আঁচনিবোৰেও ৰাইজক কেতিয়াবা জ্বলা – কলা খুৱাই । সাধাৰণ লোকৰ ওপৰত ৰামটাঙোন শোধাই হ’লেও দুটা বছৰৰ ভিতৰতে ৪০৬ টকাকৈ বৃদ্ধি পালে প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম । আজিৰ তাৰিখতো গুৱাহাটী মহানগৰীত প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ  দাম ৯৯৮ .৫০ টকা হোৱাৰ বিপৰীতে আকৌ ৰাজ্যখনৰ ভিতৰতে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ ৰাইজে একোটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্রয় কৰিবলৈ বাধ্য হৈছে ১০৮৪ .৫০ টকাত । পিছে অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত এতিয়া ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে মোডীৰ সপোনৰ উজ্জ্বলা আঁচনিখন ।
প্রধানমন্ত্রী উজ্জ্বলা আঁচনিৰ অধীনত ৰাজ্যৰ দাৰিদ্র সীমাৰেখাৰ তলৰ লোকক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়া হৈছিল , কিন্তু উক্ত হিতাধিকাৰীসকলে এতিয়া হাজাৰটকীয়া দামৰ চিলিণ্ডাৰ ক্রয় কৰিব নোৱাৰি এতিয়া বহুসংখ্যক লোকে চৰকাৰী আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰা চিলিণ্ডাৰসমূহ বিক্রী কৰিব লৈছে । একমাত্র ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামেই নহয় , বাণিজ্যিক ৰন্ধন গেছৰ  চিলিণ্ডাৰৰ দামো অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিগত দুটা বৰ্ষত ।
যাৰ ফলত সাধাৰণ জনতাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ।এফালে চাউল, দাইল, মিঠাতেলৰ পৰা আৰম্ভ কৰি শাক- পাচলিলৈকে সকলোৰে মূল্যবৃদ্ধি । আনফালে আকৌ প্রতি দুই-তিনি মাহৰ মূৰে – মূৰে বৃদ্ধি পাবলৈ ধৰিছে চিলিণ্ডাৰৰ মূল্য । এনে পৰিস্থিতিত এতিয়া নিৰুপায় হৈ পৰা প্রধানমন্ত্রী উজ্জ্বলা আঁচনিৰ অধীনত চিলিণ্ডাৰ লাভ কৰা দাৰিদ্র সীমাৰেখাৰ তলৰ হিতাধিকাৰীসকলে চিলিণ্ডাৰ ক্রয় কৰিব নোৱাৰি পুনৰ কেৰাচিন তেল বা খৰিৰেই ৰন্ধন কাৰ্য চলাবলৈ বাধ্য হোৱা পৰিলক্ষিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *