পাকিস্থানৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ? এচ আই টি য়ে প্ৰতিবেদন দাখিল কৰিব ৮ ফেব্ৰুৱাৰীত

Share

কিছুদিন পূৰ্বে ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগোৱা এক দিৰ্ঘদিনীয়া বিতৰ্কৰ অন্ত পৰিব। ৮ফেব্ৰুৱাৰীত ৰাজহুৱা হব সাংসদ গৌৰৱ গগৈৰ পাকিস্থান সংযোগৰ তথ্য প্ৰমান। ৮ফেব্ৰুৱাৰীত সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এই সন্দৰ্ভত এচ আই টিয়ে কৰা তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব। আনফালে এই বিষয়টো ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰি কংগ্ৰেছৰ একাংশ নেতাই এই অভিযোগক অস্বীকাৰ কৰিছে। আৰু লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ ভাৱমুৰ্তি ম্লান কৰাৰ বাবে এনে অভিযোগ জাপি দিয়া হৈছে বুলি কংগ্ৰেছৰ উচ্চ মহলে দাবী কৰিছে।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে নিশা দিশপুৰ লোকসভা ভৱনত অনুস্থিত হৈ যায় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এছ আই টিয়ে পাকিস্তানৰ সৈতে তিনিজন ব্যক্তি, আলী তৌকীৰ শ্বেখ, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নৰ মাজত সম্পৰ্ক থকাৰ কথা সন্ধান পাইছে।কংগ্ৰেছ নেতাগৰাকীৰ কিছুমান বক্তব্য আৰু কাৰ্যই ৰাজহুৱা তদন্তৰ প্ৰয়োজনীয়তা থকা গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰি শৰ্মাই অভিযোগ কৰি কয় যে, ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত লুকুৱাবলগীয়া একো নাই। গগৈৰ ৰাজনৈতিক স্থিতি আৰু মন্তব্যই পাকিস্তানকেন্দ্ৰিক মানসিকতাৰ প্ৰতিফলন ঘটায় বুলি  বিভিন্ন সময়ত ৰাজহুৱাভাৱে দাবী কৰি আহিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *