এই অটোচালকজনে এনেকুৱা কি কৰিলে ? যি দেখি মানুহে প্ৰশংসাৰে উপচাই পেলাইছে অটোচালকজনক !

Share

ডিজিটেল ডেস্ক, ৯ মে’ঃ বৰ্তমান সময়ত দিনকদিনে ৰ’দৰ উত্তাপ প্ৰসৰ হ’বলৈ ধৰিছে। সেয়ে ৰ’দৰ এনে প্ৰকোপত ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ দেশতে গৰম যথেষ্ট বৃদ্ধি পাবলৈ লৈছে । তদুপৰি, দিল্লীৰ তাপমাত্ৰাই প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰাৰ সময়তে , আনফালে ৰাজধানী দিল্লীৰ এজন অটোচালকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।বৰ্তমান সৰ্বত্ৰে চৰ্চাত এই অটো চালকজন । দিল্লীৰ এই অটোচালকজনে এনে কি কৰিলে যাৰ বাবে প্ৰশংসাৰে উপচি পৰিছে সামাজিক মাধ্যম । ভাইৰেল ভিডিঅ’ অনুসৰি এই অটোচালকজনে তেওঁৰ অটোখনৰ ওপৰত বহুতো উদ্ভিদ ৰোপণ কৰিছে । যিবোৰ, দূৰৰ পৰা দৃশ্যমান এখন বাগিচাৰ দৰে ।

পিছে এই অটোচালকজনে কিয় এনে কৰিছিল? সংবাদ সংস্থা এএফ পিয়ে এই বিষয়ে অটোচালকজনৰ সৈতে কথা পাতিছিল। এনে  এক অনন্য পদক্ষেপ লোৱা অটোচালকজনৰ নাম মহেন্দ্ৰ কুমাৰ । বাৰ্তালাপৰ সময়তে, মহেন্দ্ৰ কুমাৰে এনেদৰে কৈছিল যে – “যোৱা বছৰ , প্ৰসৰ উত্তাপৰ বাবে অটোত গৰমৰ অনুভৱ হৈছিল।আৰু এই গৰমৰ বাবেই ভাবিছিলো যে অটোখনৰ ওপৰত কেইজোপামান উদ্ভিদ ৰোপণ কৰোঁ। যেতিয়াৰ পৰা অটোখনত গছ-গছনি ৰোপণ কৰিলোঁ, তেতিয়াৰ পৰাই গাড়ীখন ঠাণ্ডা হৈ থাকে।“  মহেন্দ্ৰ  কুমাৰৰ  এনে চিন্তা-ধাৰণাক বহুজনে শলাগো সইছে । একে সময়তে, মহেন্দ্ৰ কুমাৰে  লগতে কয় যে- “ তেওঁ গছপুলি ৰোপণ কৰাৰ লগে লগে ৰাইজ অতি সুখী হৈছিল । যিয়ে অটোৰ ওপৰৰ উদ্ভিদবোৰ দেখে, তেওঁলোক সুখী হয়।লগতে, মহেন্দ্ৰ কুমাৰে কয় যে , এনে কাৰ্যৰ দ্বাৰা তেওঁ প্ৰকৃতিৰ অপূৰ্ব পৰিৱেশৰ প্ৰতি নিজৰ অৰিহণা যোগাই আছে ।“ মুঠতে , সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এইগৰাকী অটোচালকৰ এনে পদক্ষেপক লৈ বহুতো অটোৱালা আৰু অন্যান্য চালকৰ বাবেও এক উদাহৰণ হৈ পৰিছে আৰু আনকি বহু মানুহ তেওঁৰ ওচৰলৈ আহি এই অনন্য উপায়ৰ বাবে পৰামৰ্শ লোৱা আৰম্ভ কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *