গুৱাহাটী,৫ এপ্রিলঃ হিন্দু পৰিয়ালৰ এগৰাকী কিশোৰী নিজৰে বিদ্যালয়ৰ শিক্ষকৰ হাতত নিৰ্মমভাৱে প্রহাৰ হোৱা ঘটনা পোহৰলৈ আহিছে ।নৱৰাত্রিৰ দিনা তিলক লগাই বিদ্যালয়লৈ যোৱাৰ বাবেই শিক্ষকজনে প্রহাৰ কৰিছিল হিন্দু সম্প্রদায়ৰ ছাত্রীগৰাকীক । এই ঘটনা জন্মু – কাশ্মীৰৰ । ছাত্রীগৰাকীৰ লগতে শিক্ষকজনৰ নিৰ্মম প্রহাৰত আঘাতপ্রাপ্ত হৈছিল এগৰাকী নাবালক । এনে নিকৃষ্ট কাণ্ড সংঘটিত হোৱাৰ ফলত ইতিমধ্যে শিক্ষকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।তদুপৰি , শিক্ষকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । কিন্তু অঞ্চলটোত হিন্দু সম্প্রদায়ৰ প্রতি এনে ঘৃণা কিয় !
এই বিষয়টো লৈ একাংশৰ মাজত প্রশ্ন উথাপন হোৱা পৰিলক্ষিত হৈছে । প্রকৃততে , শিক্ষকজনে শিক্ষাৰ্থীসকলক সঠিক দিশত পৰিচালিত কৰাৰ চিন্তা – চৰ্চা আছিল যদিও ,কিন্তু তাৰ বিপৰীতে দেখা গ’ল ছাত্রীগৰাকীক শিক্ষকজনে কেৱল তিলক লগাই বিদ্যালয়লৈ যোৱাৰ বাবেই নিৰ্মমভাৱে প্রহাৰ কৰাৰ ফলত এক সাম্প্রদায়িক বিভেদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।আৰু এই ঘটনাৰ পৰিপ্রেক্ষিতত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে শাস্তিযোগ্য অপৰাধৰ বাবে ভাৰতীয় দণ্ডবিধি আইন ৩২৩ , ৩২৫ ,৫০৬ আৰু ৫২৩ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ।