পশ্চিম কাৰ্বি আংলং জিলাত পেলু নির্মূলকৰণ দিৱস পালন

Share

দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ। অসমতো আৰম্ভ হৈছে এই দিৱসৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জগত সিং টেৰণে আনুষ্ঠানিকভাৱে আজি ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে মহকুমা মুখ্য ও স্বাস্থ্য বিষয়া ডাঃ বীৰেণ চন্দ্ৰ টিমুঙে । নিজৰ বক্তব্যত ডাঃ টিমুঙে পেলু নির্মূলকৰণক লৈ সজাগতা প্রদান কৰাৰ ক্ষেত্ৰত স্বাস্থ্য কৰ্মীৰ লগতে অভিভাৱকসকলৰ দায়িত্বক লৈ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্হিত থকা অতিৰিক্ত মুখ্য ও স্বাস্থ্য বিষয়া (সংক্ৰামক ৰোগ) ডাঃ দুৰ্গেশ্বৰ ইংটিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ ক্ষেত্ৰত ল’ব পৰা কাৰ্য্যপন্থাৰ ওপৰত নিজৰ মতামত দাঙি ধৰি সকলোকে পাৰ্য্য পৰিমাণে এই কাৰ্যসূচীৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ ব্লক কমিউনিটী মবিলাইজাৰ অমৃতা হাজৰিকাই উপস্থিত থকা আশাকর্মীসকলক সংক্ষিপ্তকৈ পেলু নির্মূলকৰণক লৈ কৰিবলগীয়া কাৰ্যপন্থাসমূহৰ আভাস দিয়ে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ খণ্ড আঁচনি প্রবন্ধক এলড্ৰিন ফাংচই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত আছিল পশ্চিম কাৰ্বি আংলঙৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্বিম কাৰ্বি আংলং জিলাৰ বিষয়ববীয়াসকল। সমান্তৰালভাৱে ডংকামোকামৰ লগতে বৈঠলাংচু, উম্পানাই আৰু জিৰিকেন্দিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ আয়োজন কৰা হয় । উল্লেখ্য যে পেলু নির্মূলকৰণ কাৰ্যসূচীত প্ৰতিখন চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত, ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত ১ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিগৰাকী ছাত্র-ছাত্রীকে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *