ভাৰতীয় জনতা পাৰ্টীৰ বাবে আজিৰ দিনটো হৈ ৰ’ব এক ঐতিহাসিক ক্ষণ।নৱনিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনৰ শুভ উদ্বোধন উপলক্ষে খানাপাৰাৰ পশু চিকিতসা মহাবিদ্যালয়ৰ খেলপথাৰত এক বিশাল জনসভাত গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখগ্যমন্ত্ৰীগৰাকীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা।নিযুক্তিৰ সম্দৰ্ভত এইদৰে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-“৩৮,৯৮৩ গৰাকী যুৱক-যুৱতীক আমি ইতিমধ্যে নিযুক্তি দিছোঁ।
আমি আকৌ এবাৰ সংকল্প দোহাৰিছোঁ যে অহা ৬মাহ,৭মাহৰ ভিতৰত ১লাখ ল’ৰা-ছোৱালীক আমি নিযুক্তি দিয়াৰ কাম শেষ কৰিম।যোৱা নিৰ্বাচনৰ আগতে স্বয়ম আঁচনি কৰিছিলোঁ।মই পুনৰবাৰ আজি ক’ব খুজিছোঁ।অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এক অভিলাষী আঁচনি ল’ম। ৫ হাজাৰ কোটি টকা ব্যয় কৰি ২ লাখ ল’ৰা-ছোৱালীক আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম”।