“আমি এই দুৰ্যোগৰ পৰা শীঘ্ৰেই মুক্ত হ’ম”, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই এই কথা ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে

Share
পাকিস্তানে এইকেইদিন ভীষণ বানপানীৰ কবলত থকা পৰিলক্ষিত হৈছে। এই পৰ্যন্ত, বানপানীৰ ফলত ১০০০ ৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ।কিছু দিন পূৰ্বে পাকিস্তানৰ বানপানীৰ ফলত অৱনতি হোৱা পৰিস্থিতিত প্ৰাণ হেৰুৱা লোকসকসলৈ সমবেদনা জ্ঞাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বহবাজ শ্বৰীফে বুধবাৰে বানপানীৰ ফলত অৱনতি হোৱা পৰিস্থিতিক লৈ এটা টুইট কৰিছিল। টুইটত তেওঁ উল্লেখ কৰি লিখিছিল যে “বানপানীৰ ফলত হোৱা মানৱ আৰু ভৌতিক ক্ষতিৰ প্ৰতি সমবেদনা  জ্ঞাপন কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।ইনচান্নাহ আমি এই আপদৰ পৰা শীঘ্ৰেই মুক্ত হ’ম আৰু পুনৰ স্বাভাৱিক জীৱন-যাপন কৰিম।
লগতে তেওঁ কয় যে, কিছুদিন পূৰ্বে পাকিস্তানৰ বানপানীক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি লিখিছিল যে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত বানৰ ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে।পাকিস্তানত বিধ্বংসী বানৰ বাবে এতিয়া এহেজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।সম্পত্তিও যথেষ্টখিনি ক্ষতিসাধন হৈছে।চুবুৰীয়া দেশত বানপানীৰ ফলত হোৱা ধ্বংসযজ্ঞৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে এই প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱাসকললৈ সমবেদনা জ্ঞাপন কৰে।প্ৰধামন্ৰীগৰাকীয়ে টুইটত লিখিছে যে-“পাকিস্তানত বানপানীৰ ধ্বংসযজ্ঞ দেখি দুখ অনুভৱ হৈছে।আমি নিহত পৰিয়াল সকলৰ লগতে আহত আৰু এই প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত সকলো পৰিয়ালকে সমবেদনা জ্ঞাপন কৰিছোঁ আৰু শীঘ্ৰেই তাত স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাতো কামনা কৰিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *