৩০ হাজাৰ চাকৰি আমি নিকা-নিৰাময়েৰে দিব পাৰিছোঁ ! ১০ হাজাৰ চাকৰি আমি অহা ছেপ্তেম্বৰ মাহত দিমঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা 

Share
প্রসংগ ১ লাখ নিযুক্তি ! ৰাজ্য চৰকাৰৰ লক্ষ্য বিভিন্ন বিভাগত নিবনুৱাসকলক ১ লাখ চাকৰি প্রদান কৰা । লক্ষ্য সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা । আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি খানাপাৰাত অনুষ্ঠিত ৭৬ সংখ্যক স্বাধীনতা  দিৱস পালন কৰাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সময়তে কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য কৰাৰ লগতে প্রতিক্রিয়া ব্যক্ত কৰে মুখ‌্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
সমান্তৰালকৈ নিযুক্তি প্রক্রিয়াৰ ক্ষেত্রতো এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্রীগৰাকীয়ে –”অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে । ১ লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন , স্বচ্ছতাৰে দিয়াৰ সংকল্প লৈ আমি ধাৱমান হৈছোঁ । ৩০ হাজাৰ চৰকাৰী চাকৰি স্বচ্ছ আৰু নিকাভাৱে দিব পাৰিছোঁ । আৰু ১০ হাজাৰ চাকৰি  আমি ছেপ্তেম্বৰ মাহত দিম ।সমান্তৰালকৈ ,তৃতীয় আৰু চতুৰ্থ শ্রেণীৰ প্রায় ৩০ হাজাৰ চৰকাৰী চাকৰি প্রদান কৰাৰ লক্ষ্যৰে আমাৰ লিখিত পৰীক্ষাও অনুষ্ঠিত হ’ব এই মাহতে । অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংজ্ঞবদ্ধ প্রচেষ্টাৰ জৰিয়তে ১ লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত আমাৰ এই দেশখনত নাই । আজি আমি অসমে এইধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছোঁ” ।

Leave a Reply

Your email address will not be published. Required fields are marked *