গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ দৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাইকাৰ পানীৰ পাইপ ফুটাক লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত পানীৰ পাইপ ফুটিবই বুলি কোৱাৰ আধা ঘন্টাৰ নহওতেই জুৰোডত সংঘটিত হ’ল তেনে এক ঘটনা। জুৰোডৰ অপূৰ্ব সিনহা পথত শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
উল্লেখ্যযোগ্য় যে, ৩ জন শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰাৰ সময়তে সেই স্থানত নাছিল কোনো কাৰিৰকী বিষয়া।অৱশ্য়ে সৌভাগ্য যে এই পানীৰ পাইপ ফুটাৰ ঘটনা পূৰ্বৰ দৰে খাৰঘূলি অথবা ৰাজগড়ৰ দৰে ভয়ংকৰ ঘটনা নহয়।
আনহাতে, মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱগ্ৰহ মন্দিৰ দৰ্শন কৰিবলৈ গৈ পাইপ বিস্ফোৰণ সৰ্ন্দভত সাংবাদিকৰ আগত কয় যে, কেৰেলাত ২২ হাজাৰ পাইপ ফুটিছে পানীৰ পাইপ ফুটিবই , ফুটাৰ লগে লগেই বন্ধ কৰি দিব লাগে।ইয়াৰোপৰি তেওঁ সাংবাদিকৰ আগত কয় , আপোনালোকে গুগল কৰিলে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে।পানীৰ পাইপ ফুটাটো কোনেও ৰখাব নোৱাৰে ।