হত্যা কৰা হ’ল নেকি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানকঃ এই কথা স্পষ্ট কৰিলে পাকিস্তানী ফেক্ট-চেক ইউনিটে

Share

বহু দিনৰ পৰা চৰ্চিত পাকিস্থানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মৃত্যুৰ বিষয়কলৈ অৱশেষত মুখ খোলিলে পাকিস্তান ফেক্ট চেক ইউনিটে।কিছুদিন পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক কাৰাগাৰতে হত্যা কৰাৰ ঘটনা আফগান সংবাদ মাধ্যম এটাই দাবী কৰিছিল।আফগানৰ এটা সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তানৰ তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰাণ খানক ৰাৱালপিণ্ডীৰ আদিয়ালা জেলত হত্যা কৰা হৈছে ।

অৱশ্যে ফেক্ট-চেক ইউনিটে এই দাবী নস্যাৎ কৰি মিছা বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে ইমৰাণ খানৰ মৃত্যুক লৈ এনেধৰণৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত প্ৰথমবাৰৰ বাবে প্ৰচাৰ হোৱা নাই। পূৰ্বেও ২০২৫ চনৰ মে’ মাহত ইমৰান খানক গুলীয়াই হত্যা কৰা বুলি অভিযোগ কৰি একেধৰণৰ ভুৱা বাতৰি দাবী বহুলভাৱে শ্বেয়াৰ কৰা হৈছিল। চাঞ্চল্যকৰ খবৰ যে যেতিয়া ইমৰাণ খানৰ পৰিয়ালে একেৰাহে তিনি সপ্তাহ ধৰি তেওঁৰ সৈতে যোগাযোগৰ পৰা বঞ্চিত হৈছিল থিক তেতিয়াই  তেওঁৰ ভগ্নী আলিমা, উজমা আৰু নোৰিনে বাৰে বাৰে আদিয়ালা জেললৈ গৈছিল যদিও প্ৰতিবাৰেই তেওঁলোকক গেটত ৰখাই দিয়া হৈছিল। ২০২৫ বৰ্ষৰ মাৰ্চ মাহত পি আই এম এছ হাস্পতালৰ চিকিৎসকৰ দলে তেওঁক শেষ বাৰলৈ পৰীক্ষা কৰিছিল। কিন্তু পাকিস্থানী ৰাজনৈতিক দল PTI য়ে দাবী কৰিছে যে এই চিকিৎসা পৰীক্ষাটো এটা নকল আছিল।ইমৰাণ খানৰ ৰহস্যজনক অৱস্থাৰ মাজতে হঠাতে উচ্চ পৰ্যায়ৰ জৰুৰী নিৰাপত্তা বৈঠক আহ্বান কৰিছে পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে। আই এছ আই, সামৰিক চোৰাংচোৱা, আৰু স্বৰাজ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া উপস্থিত থকা বুলি জানিব পৰা গৈছে। বৈঠকৰ এজেণ্ডা ৰাজহুৱা নহ’লেও ইয়াৰ ফলত পাকিস্তানৰ ক্ষমতা আৰু সামৰিক মহলৰ ভিতৰত কিবা গুৰুতৰ কথা চলি আছে বুলি জল্পনা-কল্পনাত ইন্ধন যোগাইছে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *