১১ খন ৰাজ্যৰ ৯৩টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া

Share

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১১ খন ৰাজ্যৰ ৯৩টা সমষ্টিত সমাপ্ত হৈছিল। তৃতীয় অৰ্থা९ অন্তিম পৰ্যায়ৰ ভোটদানৰ হাৰ আছিল ৬৪.৫৪ শতাংশ। তৃতীয় অৰ্থা९ অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া মঙলবাৰে অৰ্থা९ ৭ মে তাৰিখে পুৱা ৭ বজাত আৰম্ভ হৈছিল।ভাৰতৰ ভোটাৰ ভোটদান এপৰ জৰিয়তে নিৰ্বাচন আয়োগত উপলব্ধ তথ্য অনুসৰি অসমত সৰ্বাধিক ভোটদানৰ হাৰ আছিল ৮১.৭১ শতাংশ, পশ্চিম-বংগত ৭৬.৫২শতাংশ, গোৱাত ৭৫.২০শতাংশ, কৰ্ণাটকত ৭০.৪১শতাংশ, ছত্ৰিশগড়ত ৭১.০৬শতাংশ,গুজৰাটত ৫৯.৫১শতাংশ, মধ্য-প্ৰদেশত ৬৬.০৫শতাংশ, মহাৰাষ্ট্ৰত ৬১.৪৪ শতাংশ,দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউত ৬৯.৮৭ শতাংশ, বিহাৰত ৫৮.১৮ শতাংশ ইয়াৰ বিপৰীতে উত্তৰ-প্ৰদেশত সৰ্বনিম্ন ভোটদানৰ হাৰ আছিল ৫৭ শতাংশ।মুঠ ১৭.২৪ কোটি ভোটাৰে এই পৰ্যায়ত ১.৫৮লাখ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোগ্য হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *