আজি জম্মু-কাশ্মীৰৰ বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহন প্ৰক্ৰিয়া  আৰম্ভ

Share

আজি জম্মু-কাশ্মীৰৰ বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া। কেন্দ্ৰীয়  শাসিত অঞ্চল জম্মু-কাশ্মীৰত ২৬ খন বিধান সভা আসনৰ বাবে ২৩৯ জন প্ৰাৰ্থীয়ে প্ৰতিনিধিত্বত কৰিছে । ৬ খন জিলাত আৰম্ভ হৈছে আজি ভোট গ্ৰহণৰ প্ৰক্ৰিয়া । ভাৰতৰ নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি ৩৫০২ টা ভোট কেন্দ্ৰ স্থাপন কৰিছে ইয়াৰে ১০৫৬ টা নগৰীয়া ভোটকেন্দ্ৰ আৰু ২৪৪৬ টা গ্ৰাম্য ভোট কেন্দ্ৰ স্থাপন কৰিছে । স্বচ্ছতাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে । নিয়ামীয়া ভোটকেন্দ্ৰৰ উপৰিও আয়োগে ২৬ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ , ২৬ টা বিশেষভাবে সক্ষম লোৰক দ্বাৰা পৰিচালিত ,  ২৬ টা যুৱক যুৱতীৰ দ্বাৰা পৰিচালিত , ৩১ টা সীমান্তত ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে । সন্ধিয়া ৬ বজাত ভোটদানৰ প্ৰক্ৰিয়া সামৰণি পৰিব । ১ অক্টোবৰত অনুস্ঠিত হ’ব  অন্তিম পৰ্যায়ৰ নিৰ্বাচন । ৮ অক্টোবৰত ঘোষণা হ’ব নিৰ্বাচনীৰ ফলাফল ।          

Leave a Reply

Your email address will not be published. Required fields are marked *