১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰে নিৰ্ণয় কৰিব দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বতাহ

Share

গুৱাহাটী,২৭ এপ্ৰিল:কালি অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ হৈছে ৬০.৯৬ শতাংশ। এই পৰ্যায়ত ৮৮ খন লোকসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। সৰ্বমুঠ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰসকলে এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। কেৰালাৰ ২০ খন আসন, কৰ্ণাটকৰ ১৪ খন আসন, ৰাজস্থানৰ ১৩ খন আসন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮খন আসন, মধ্যপ্ৰদেশৰ ৬খন আসন, অসম আৰু বিহাৰৰ ৫খন আসন, পশ্চিমবংগৰ ৩খন আসন,ছত্তীশগড়,মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰত এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় । 

নিৰ্বাচন আয়োগে জনোৱা মতে, চত্তিশগড়ৰ বাষ্টাৰ সংমণ্ডলৰ ১০২ খন গাঁৱত প্ৰথমবাৰৰ বাবে লোকসভাত ভোটগ্ৰহণৰ অনুষ্ঠিত কৰা হৈছিল। যিটো এইবাৰৰ নিৰ্বাচনৰ এটি অন্যতম মাইলষ্ট’ন আছিল। কালি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কেইজনমান বিশিষ্ট প্ৰাৰ্থী হৈছে কেৰালাৰ ৱায়ানাদৰ পৰা কংগ্ৰেছ নেতা, তিৰুৱনন্তপুৰমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু কংগ্ৰেছ নেতা শশী থাৰুৰ, বেংগালুৰু দক্ষিণৰ পৰা বিজেপিৰ যুৱ নেতা তেজস্বী সূৰ্য্য আৰু মথুৰাৰ পৰা বিজেপি নেত্ৰী হেমা মালিনী।

Leave a Reply

Your email address will not be published. Required fields are marked *