নিউজ ডেস্ক,২৮ অক্টোবৰঃআজি পঞ্চভূতত বিলীন হ’ব চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ কালি নিশা জ্যোতি চিত্ৰবনত ৰখা হয় প্ৰখ্যাত অভিনেতাগৰাকীৰ নশ্বৰ দেহ। জ্যোতি চিত্ৰবনৰ পৰা আৰম্ভ হ’ব মহীৰূহ গৰাকীৰ অন্তিম যাত্ৰা ৷ আজি পুৱা প্ৰায় ৯ বজাৰ পিছত জ্যোতি চিত্ৰবনৰ পৰা নশ্বৰ দেহ নিয়া হয় কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত অভিনেতাজনক গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।
উল্লেখ্য যে,তাৰ পিছতে কলাক্ষেত্ৰৰ পৰা নশ্বৰ দেহ লৈ যোৱা হব চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ কাৰ্য্যালয়লৈ তাৰ পিছতেই তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ’ব ৰবীন্দ্ৰ ভৱনলৈ আৰু তাৰপিছতেই মহীৰূহ গৰাকীৰ দেহ লৈ যোৱা হ’ব দীঘলীপুখুৰী পাৰলৈ। দীঘলীপুখুৰী পাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ সমীপত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধসকলে। তাৰপিছতেই অভিনেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা শ্বহীদ ন্যাসলৈ লৈ যোৱা হ’ব ৷
আৰু পুৱা প্ৰায় ১১ বজাৰ পিছত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব মহানায়ক গৰাকীৰ।
তদুপৰি আজি মুক্তি লাভ কৰিব যশস্বী অভিনেতা নিপন গোস্বামীৰ নতুন ছবি লংকাকাণ্ড ৷