আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা। টাই আহোম যুৱ পৰিষদ আৰু চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা। ২৯ আৰু ৩০ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হ’বলগীয়া বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব ।
সোণাৰিত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা জনায় টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে। অসমৰ জাতীয় বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি টাইপাই ২০১৩ বর্ষৰ পৰা সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস । উল্লেখ্য যে, ২০১৩ চনৰ পৰা টাই আহোম যুৱ পৰিষদ আৰু চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি অহা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হব ।
ইয়াৰ লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বীৰাঙ্গনা মূলা গাভৰুৰ স্বামী ফ্ৰাচেংমুং বৰগোহাঞিৰ স্মৰণত এখন শৰীৰ চৰ্চা প্ৰতিযোগিতা আৰু বীৰাঙ্গনা মূলা গাভৰুৰ জীৱন আধাৰত পূৰ্ণাংগ নাটক প্ৰদৰ্শন কৰা হ’ব। আনহাতে এই অনুষ্ঠানত অসমৰ ৰাজনৈতিক, ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ বহু ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোগতাসকলে জানিবলৈ দিয়ে ।