তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

Share

তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত কেন্দ্ৰীয় কৃষি আৰু গ্ৰামান্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান।বৃহস্পতিবাৰে হাতীখুলি চাহ বাগিচাত শ্ৰমিকসকলৰ সুবিধা অসুবিধাৰ কথাৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে পিঠিত টুকুৰী লৈ জনজাতীয় পোছাকত চাহ পাত তুলাৰো অভিজ্ঞতা আহৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে।কাজিৰঙাত উপস্থিত থকা সময়ছোৱাত তেওঁক সংগ দিয়ে কৃষি মন্ত্ৰী অতুল বৰাই।

কৃষি মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে কয় যে-কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আজি বোকাখাত সমষ্টিৰ বিজেপি আৰু অগপৰ নিষ্ঠাবান কৰ্মকৰ্তাসকল, সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা এনডি‌এ সমৰ্থিত প্ৰাৰ্থীসকল, বিশিষ্ট ব্যক্তিসকল আৰু কৃষকসকল তথা স্থানীয় ৰাইজৰ সৈতে কাজিৰঙাৰ কঁহৰাত এক সৌজন্যমূলক সাক্ষাতত মিলিত হয়।

আলোচনাকালত, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী চৌহান ডাঙৰীয়াই কৃষি খণ্ডত উন্নয়ন সাধনেৰে কৃষকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ লগতে ভাৰতবৰ্ষৰ সৰ্বসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে অব্যাহত ৰখা সমৰ্পিত প্ৰচেষ্টাৰ বিষয়ে ব্যক্ত কৰে। তদুপৰি, তেখেতে অনুষ্ঠানত উপস্থিত থকা পঞ্চায়ত নিৰ্বাচনৰ বিজয়ী এনডিএ প্ৰাৰ্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী চৌহান ডাঙৰীয়াই তেখেতৰ উপস্থিতিৰে আমাক ধন্য কৰাৰ লগতে প্ৰেৰণাদায়ক বাৰ্তা তথা গ্ৰাম্য সবলীকৰণ আৰু প্ৰগতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ে সবল ৰূপত আলোকপাত কৰাৰ বাবে বোকাখাত সমষ্টিৰ জনপ্রতিনিধি হিচাপে মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *