২০২৪ৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মংগলবাৰে মনোনয়নপত্ৰ দাখিল কৰে।এই মনোনয়নপত্ৰৰ সৈতে দাখিল কৰা শপতনামাত মন্ত্ৰী সোণোৱালৰ সম্পত্তিৰ তথ্য প্ৰকাশ পায়।সেই তথ্য অনুসৰি সোণোৱালৰ পাঁচটা বেংক একাউণ্টত জমা আছে ৪৭,৫৯,৭০৫ টকা আৰু তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ হৈছে ২৭,৬৭৯ টকা।ইয়াৰ বিপৰীতে অইল ইণ্ডিয়াৰ ১০,২৪৭টা শ্বেয়াৰত সোণোৱালে মুঠ ৫৯,৭৪,১৪২ টকা বিনিয়োগ কৰিছে।তাৰোপৰি জীৱন বীমাকে ধৰি আন কেইবাটাও কোম্পানীত প্ৰায় ৩৭ লাখ টকা বিনিয়োগ কৰাৰ তথ্য পোৱা গৈছে।আনহাতে তেওঁৰ ঋণৰ পৰিমাণ হৈছে ১৬,৭৮,৭০৭ টকা।
সৰ্বানন্দ সোণোৱালে শপতনামাত দিয়া মাটি সম্পত্তিৰ তথ্য অনুসৰি তেওঁ পৈতিকসূত্ৰে লাভ কৰা খেতি মাটিৰ পৰিমাণ হৈছে প্ৰায় ৫৩ বিঘা।এই মাটিসমূহ আছে ডিব্ৰুগড় আৰু গুৱাহাটীত । উল্লেখ্য যে, ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল কৰাৰ আজি অন্তিমটো দিন।