মঙলবাৰে বিহাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Share

গুৱাহাটি, ১১ অক্টোবৰ, নিউজ ডেস্কঃ আজি বিহাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ মিত্ৰজোঁট ভংগৰ পিছত এইটো হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ দ্বিতীয়টো ভ্ৰমণ। উল্লেখ্য যে, বিহাৰৰ সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম তিথি উপলক্ষে তেওঁৰ পৈতৃক গৃহত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী উপস্থিত হ’ব।

আজি ১২ বজাত অমিত শ্বাহে সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। উল্লেখ্য যে, এই অনুষ্ঠানটো কেন্দ্ৰীয় কলা আৰু সংস্কৃতি মন্ত্ৰণালয়ে আয়োজন কৰিছে ,লগতে এখন ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণ মূলত ৰাজনৈতিক।

Leave a Reply

Your email address will not be published. Required fields are marked *