বিগত কেইবাটাও দিন ধৰি ধাৰাবাহিকভাৱে অহা বৰষুণৰ ফলত অসমত ঠায়ে ঠায়ে বানপানী সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অসমৰ চুবুৰীয়া ৰাজ্যত অহা বৰষুণৰ বাবেও অসমত জটিল হৈ পৰিছে বান পৰিস্থিতি । এনে বান সৃষ্টিৰ ফলতে বহিঃ ৰাজ্যৰ সৈতে সংযোগ বহু অঞ্চল বিছিন্ন হোৱা পৰিলক্ষিত হৈছে।
অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত টেলিফোন যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰে গৃহমন্ত্ৰী গৰাকীয়ে। ৰাজ্যখনৰ বান পৰিস্থিতিত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্থ হোৱা ডিমা হাছাও আৰু হাফলং জিলাকেইখনত সেনা, বায়ুসেনা আৰু এছ আৰ ডি এফকে ধৰি সকলোৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে এয়াৰলিফ্ট কৰিবলগীয়া হোৱাও পৰিলক্ষিত হৈছে।অসমক সকলো প্ৰকাৰেৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।