সমাগত ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচন চমু চপাৰ লগে লগে সফনাই অসমলৈ আগমণ ঘটিছে কেন্দ্ৰীয় নেতা-মন্ত্ৰী। ২৯ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰি ৩০ জানুৱাৰীত ডিব্ৰুগড়, ধেমাজি আৰু গুৱাহাটীৰ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।
৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত অসম বিধান সভাৰ দ্বিতীয়টো চৌহদৰ শিলন্যাস কৰে। ইয়াৰ পাছতেই খনিকৰৰ বহুমুখী ক্রীড়া প্রকল্প পৰ্যায়-১ৰ শুভ উদ্বোধন কৰি খনিকৰ খেলপথাৰত আয়োজিত এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰে। বিধায়ক ভৱন, বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানকে ধৰি মুঠ ৪টা প্ৰকল্পৰ আধাৰশিলা আৰু ১টা প্ৰকল্পৰ শুভাৰম্ভ কৰে অমিত শ্বাহে।
ডিব্ৰুগড়ৰ কাৰ্যসূচী সামৰি গৃহমন্ত্ৰী অমিত শ্বাহ ৰাওণা হয় ধেমাজি অভিমুখে। ধেমাজিত আয়োজিত মিচিং সমাজৰ ঐক্য, সংস্কৃতি আৰু আত্মচেতনাৰ উমৈহতীয়া মঞ্চ দশম মিচিং যুৱ মহোৎসৱৰ সামৰণী অনুষ্ঠাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ গ্ৰহণ কৰে৷ এই অনুষ্ঠানতে অমিত শ্বাহে মিচিং যুৱক-যুৱতীৰ বাবে কেন্দ্রীয় অর্ধসামৰিক বাহিনীত নিয়োগ লাভৰ বিশেষ সুযোগ দিয়াৰ কথা ঘোষণা কৰে। অমিত শ্বাহক মিচিং জনগোষ্ঠীৰ চহকী পৰম্পৰাগত সাজ-পাৰ, তেওঁলোকৰ জাতীয় চাদৰ ‘ৰি:বি গাছেং’, মিচিংসকলে নিজ হাতে বোৱা ‘গাদু’ বা ‘মিৰিজিম’ আৰু মিচিং পুৰোহিতসকলৰ বিশেষ তৰোৱাল ‘য়কচা’ উপহাৰ স্বৰূপে প্ৰদান কৰে।
ইয়াৰ পাছতেই সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় নেতৃত্বৰ সৈতে ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা কৰে। তাৰ পাছতেই সন্ধিয়া প্ৰায় ৭ বজাত অমিত শ্বাহ পশ্চিম বংগলৈ ৰাওনা হয়। উল্লেখ্য যে মাত্ৰ এমাহৰ ভিতৰতে এয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আছিল দ্বিতীয়টো অসম ভ্ৰমণ।