কেন্দ্ৰীয় বাজেট ২০২৬-২৭ঃ আমদানি শুল্ক আৰু আন্তঃগাঁথনি মাচুলৰ ব্যাপক সালসলনি

Share

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱমবাৰৰ বাবে সদনত উপস্থাপন কৰিলে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । কেন্দ্ৰীয় বাজেটত আমদানি শুল্ক আৰু আন্তঃগাঁথনি মাচুলৰ ব্যাপক সালসলনি কৰা হৈছে, যাৰ পোনপটীয়া প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ জেপত পৰিব।  বিত্তমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি, কেইবাটাও জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে ধঁপাত আৰু বিদেশী বিলাসজাত সামগ্ৰীৰ মূল্য বৃদ্ধি । জনসাধাৰণে মুদ্ৰাস্ফীতিৰ পৰা সকাহ পোৱাৰ আশা। দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে দাইল, তেল, চাউল, শাক-পাচলি, ঔষধ, আৰু বিদ্যুৎ আৰু পানীৰ ওপৰত কৰ হ্ৰাস ।

হ্ৰাস পাব ইলেক্টনিক বাহনৰ দাম, মাইক্ৰ’ৱেভ অভেন , ৭ টা দুৰ্লভ মেডিচিন , কৰ্কট ৰোগৰ ১৭ বিধ ঔষধৰ দাম , সৌৰশক্তি উৎপাদনৰ সঁজুলি,বিমানৰ টিকট, লগতে চিলিণ্ডাৰ, বেটাৰী,চামৰা আদিৰ দাম।

আনফালে বৃদ্ধি পাব ধপাত আৰু পান মচলা  অতিৰিক্ত উৎপাদন শুল্ক আৰু স্বাস্থ্য কৰ আৰোপ কৰাৰ বাবে চিগাৰেট আৰু ধঁপাতজাত সামগ্ৰীৰ দাম বাঢ়িব। আমদানি শুল্ক বৃদ্ধিৰ বাবে আমদানিকৃত বিলাসজাত সামগ্ৰীৰ দাম বৃদ্ধি পাব। ছাতি আৰু ইয়াৰ অংশসমূহৰ ওপৰত নিৰ্দিষ্ট নূন্যতম শুল্ক আৰোপ কৰা, শ্বেয়াৰ বজাৰৰ লেনদেন ফিউচাৰ্ছ (Futures) আৰু অপচনছ (Options) লেনদেনত STT বৃদ্ধি কৰা হৈছে।  বিশেষ আমদানি কৰা সুৰাৰ দাম বৃদ্ধি ।

২০২৬-২৭ বাজেটত অপৰিৱৰ্তিত হৈ থাকিল শ্লেব। আনহাতে ১ এপ্ৰিলৰ পৰা বলবৎ হ’ব নতুন আয়কৰ নিয়ম । সৰলীকৃত হব আয়কৰ দাখিলৰ প্ৰক্ৰিয়া । বিদেশলৈ প্ৰেৰণ কৰা টকাৰ ক্ষেত্ৰত কৰ ৰেহাই ঘোষণা। বিদেশ ভ্ৰমণৰ পেকেজৰ কৰ ৫শতাংশ পৰা ২ শতাংশ হ্ৰাস কৰা হব।  

 

Leave a Reply

Your email address will not be published. Required fields are marked *