নিউজ ডেস্ক, ৬ মাৰ্চঃ জনপ্ৰিয়তাৰ শিখৰত হিমন্ত বিশ্ব শৰ্মা অনুৰাগীৰ অ’টোৰ পিছফালে LOVE YOU HBS। ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই সফল ৰূপে পৰিগণিত হয়। স্পষ্ট আৰু যুক্তিপূৰ্ণ মন্তব্যৰ বাবে আজি তেওঁ ৰাজ্যৰ লগতে দেশৰ অধিকাংশ লোকৰ মাজতেই তেওঁ জনপ্ৰিয়। প্ৰত্যক্ষ ৰাজনীতিত খোজ দিয়াৰ পৰা আজিলৈ হাৰ নমনা ৰাজনৈতিক নেতাগৰাকীয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা। প্ৰৱল বুদ্ধিমত্তা আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’বলৈ সক্ষম হৈ অৰ্জন কৰিছে ব্যাপক জনপ্ৰিয়তা। জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰা মুখ্যমন্ত্ৰী শৰ্মাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক অভাৱনীয় সফলতা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই তেওঁক মুখ্যমন্ত্ৰী পদ প্ৰদানেৰে পুৰস্কৃত কৰে। তেওঁৰ জনপ্ৰিয়তা কিমান সেয়া শিশুসকলে কৰা মামা সম্বোধনৰ পৰাই সহজে অনুমান কৰিব পাৰি।ইয়াৰ মাজতে শেহতীয়াকৈ এখন ফটোৱে এই কথা পুনৰ প্ৰমাণ কৰিছে যে সৰ্বসাধাৰণ ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। এখন অ’টোখন পিছফালে গৰাকীয়ে ফটোত লিখি থৈছে LOVE YOU HBS।